ETV Bharat / state

Forest Destruction in Moran: বন ধ্বংসত নমা দুই শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী - School tree illegally cut down by teacher in Moran

বন বিভাগৰ অনুমতি অবিহনে মৰাণত বিদ্যালয় চৌহদৰ গছ কাটি তহিলং কৰিলে দুগৰাকী শিক্ষকে (School tree illegally cut down by teacher in Moran)। শিক্ষক দুগৰাকীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় লোক । চৰকাৰৰ আহ্বানক গুৰুত্ব নিদি বন ধ্বংসত জড়িত হোৱা শিক্ষকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছে ।

Moran
মৰাণৰ কঁ‌ঠালগুৰিত বন ধ্বংসত নামিল দুই শিক্ষক
author img

By

Published : Jul 20, 2022, 12:02 PM IST

মৰাণ,২০ জুলাই : শেহতীয়াকৈ প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছে অসম চৰকাৰে । অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ দ্বাৰা ৰাজ্যজুৰি আৰম্ভ হৈছে 'মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্প' কাৰ্যসূচী (Chief Minister's Institutional Plantation Program) ৷ এই কাৰ্যসূচীৰ জৰিয়তে অধিক সেউজ আৱৰণেৰে প্ৰাতিষ্ঠানিক চৌহদৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ উদ্দেশ্য আগত ৰাখিছে ৰাজ্য চৰকাৰে ৷

ৰাজ্যজুৰি এনে কাৰ্যসূচী চলি থকাৰ মাজতে আকৌ একাংশই বন ধ্বংসযজ্ঞ আৰম্ভ কৰিছে । এইবাৰ দুষ্টচক্ৰ নহয়, এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নিৰ্দেশত চলিছে এই বন ধ্বংস কাৰ্যকলাপ । এই ঘটনা ডিব্ৰুগড়স্থিত মৰাণৰ কঁ‌ঠালগুৰিৰ । কঁঠালগুৰিত এগৰাকী প্ৰধান শিক্ষক আৰু এগৰাকী সহকাৰী শিক্ষয়িত্ৰীয়ে বিনা অনুমতিত বন ধ্বংসত নামি পৰাত মৰাণত অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

মৰাণৰ কঁ‌ঠালগুৰি মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰণ্টু বৰুৱা আৰু সহঃ শিক্ষয়িত্ৰী চোৰামণি সোণেৱালে বন বিভাগৰ কোনো অনুমতি নোলোৱাকৈ বিদ্যালয়ৰ চৌহদত থকা প্ৰায় ২০ জোপাকৈ পৈণত গছ শ্ৰমিক লগাই কাটি তহিলং কৰে (Teacher cuts school tree without permission of forest department)। ইফালে কটা গছ পৰি বিদ্যালয়খনৰো বিস্তৰ ক্ষতিসাধন হোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে খোৱাং খণ্ড প্ৰাথমিক শিক্ষাবিষয়াই ।

বিষয়াগৰাকীয়ে কয় যে এটা সুন্দৰ পৰিৱেশত থকা বিদ্যালয়খনৰ গছসমূহ কাটি পেলোৱা কাৰ্য সহজভাৱে ল'ব নোৱাৰি । বিদ্যালয়খনৰো ক্ষতি হৈছে । শিক্ষকজনৰ কৰ্ম-কাণ্ড সন্দৰ্ভত উৰ্দ্ধতম মহলত অৱগত কৰাৰ কথা জানিবলৈ দিয়ে বিষয়াগৰাকী ।

ইফালে কাটি পেলোৱা কাঠসমূহ বন বিভাগে জব্দ কৰিয়েই দায়িত্ব সামৰিব বিচৰা কাৰ্যত ক্ষুণ্ণ হৈছে স্থানীয় লোক । বন বিভাগে প্ৰধান শিক্ষক আৰু সহঃ শিক্ষয়িত্ৰীগৰাকীৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগিছিল যদিও আজিলৈ কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই বুলি অভিযোগ কৰে স্থানীয় লোকসকলে । যিমান গছ কাটিছিল তাৰ আধা কাঠো জব্দ কৰিব নোৱাৰিলে বন বিভাগে ।

বন বিভাগৰ ভূমিকাক লৈও বিভিন্ন মহলত প্ৰশ্ন উঠিছে । ইফালে যিটো সময়ত মুখ্যমন্ত্ৰীয়ে সকলো প্ৰতিষ্ঠানৰ চৌহদত গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনাইছে সেই সময়তে এখন বিদ্যালয়ত এনেদৰে কোনো কাৰণ নোহোৱাকৈ গছবোৰ কাটি পেলোৱাৰ পাছত চৰকাৰে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়াও লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Institutional Plantation Programme: পৰ্যটন বিভাগত শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ প্রাতিষ্ঠানিক বৃক্ষৰোপণ প্রকল্প

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.