ডুমডুমা, 28 জুনঃ মাছ মাৰিবলৈ গৈ ডুমডুমা নৈত সলিল সমাধি দুগৰাকী লোকৰ ৷ লোক দুজন বিছাকপি চাহ বাগিছাৰ ১২ নং লাইনৰ বিষ্ণু তাঁতী (৪০) আৰু ইলিয়াচ খাল'খ (৩০) বুলি জানিব পৰা গৈছে ৷ মাছ মাৰি থকা অৱস্থাতে নৈৰ কোবাল সোঁতত উটি যায় বিষ্ণু তাঁতী ৷ উঠি যোৱা লোকজনক উদ্ধাৰ কৰিবলৈ গৈ ইলিয়াচ খাল'খো নৈত ডুব যায় ৷
স্থানীয় লোকে দুয়োগৰাকী লোকৰে মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীক অৱগত কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, যোৱা ২৬ জুনতো ডাঙৰী নৈত মাছ মাৰিবলৈ গৈ উটি যোৱা তিনিগৰাকী লোকক এই পৰ্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ আনহাতে 27 জুনৰ বিয়লিও লংছোৱালৰ ডাঙৰী নৈত সলিল সমাধি ঘটিছিল আন এগৰাকী যুৱকৰ ৷
লগতে পঢ়কঃ কেমেৰাৰ সমুখতে উটি গ'ল দলং