ETV Bharat / state

মৰাণত পুনৰ দুখন গাঁৱক কণ্টেইনমেণ্ট জ’ন ঘোষণা

শনিবাৰে মৰাণৰ দুখনকৈ গাঁৱক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে ৷ 1 নং শলগুৰি আৰু বেজ দুলীয়া নামৰ গাঁও দুখনক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে প্ৰশাসনে ৷

moran village containment zone
মৰাণৰ গাঁৱক কণ্টেইনমেণ্ট জ’ন ঘোষণা
author img

By

Published : May 16, 2021, 3:33 PM IST

Updated : May 17, 2021, 6:47 AM IST

মৰাণ,16 মে’: মৰাণত শনিবাৰে পুনৰ দুখন গাঁৱক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে প্ৰশাসনে ৷ ক’ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি 1 নং শলগুৰি আৰু বেজ দুলীয়া নামৰ গাঁও দুখনক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হয় ৷

উল্লেখ্য যে, শনিবাৰৰ দিনটোলৈ মৰাণ ৰাজহ চক্ৰৰ অধীনস্থ খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চলত 1,044 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈছে ৷ আনহাতে মৃত্যু হৈছে 10 গৰাকীকৈ লোকৰ ৷

মৰাণৰ গাঁৱক কণ্টেইনমেণ্ট জ’ন ঘোষণা

বৰ্তমানলৈকে খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মুঠ আঠখন গাঁৱক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে । ইফালে মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া(সংলগ্ন) আৰু কাৰ্যবাহী দণ্ডাধীশ পাপৰি বৰগোঁহাইয়ে জানিবলৈ দিয়া অনুসৰি, মৰাণ ৰাজহ চক্ৰৰ অধীনত নতুনকৈ তিনিখন এম্বুলেঞ্চৰ সংযোজন কৰা হ’ব ।

প্ৰয়োজন অনুসৰি ৰাইজে সেৱা লাভ কৰিব বুলি উল্লেখ কৰাৰ লগতে ক’ভিড টেষ্ট কৰাৰ ক্ষেত্ৰত কোনেও ভয় নকৰি নিজৰ লগতে পৰিয়ালৰ আন সদস্যসকলক ক’ভিডৰ পৰা বচাই ৰাখিবলৈ আহ্বান জনায় কাৰ্যবাহী দণ্ডাধীশ পাপৰি বৰগোঁহাইয়ে ।

লগতে পঢ়ক : ক’ভিড প্ৰট’কল ভংগ : নলবাৰীৰ বজাৰত আৰক্ষীৰ তহল

Last Updated : May 17, 2021, 6:47 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.