ETV Bharat / state

নৱকান্ত বৰুৱাৰ জন্মদিনত উপলক্ষে মৰাণত দুখনকৈ গ্ৰন্থ উন্মোচন - মৰাণ

মঙলবাৰে মৰাণত নৱকান্ত বৰুৱাৰ ৯৪ সংখ্যক ওপজা দিন উপলক্ষে অনুষ্ঠিত এক কাৰ্যসূচীত দুখনকৈ কাব্যগ্ৰন্থ উন্মোচন কৰা হয় ৷

নৱকান্ত বৰুৱাৰ জন্মদিনত উপলক্ষে মৰাণত দুখনকৈ গ্ৰন্থ উন্মোচন

author img

By

Published : Dec 29, 2020, 10:08 PM IST

মৰাণ, 29 ডিচেম্বৰ: অসমীয়া সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম নৱকান্ত বৰুৱা ৷ তেওঁৰ কবিতাবোৰে আধুনিক অসমীয়া কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল ৷ নৱকান্ত বৰুৱাৰ প্ৰতিখন কবিতা-পুথি কায়িক জীৱনৰ সৌন্দৰ্য, প্ৰেমৰ মাধুৰী, মৃত্যু, ৰহস্য আদি বিবিধ বিষয়বস্তুৰে সমৃদ্ধ ৷ মঙলবাৰে কবি তথা সাহিত্যকগৰাকীৰ ৯৪ সংখ্যক ওপজা দিনত ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হয় ভিন্ন কাৰ্যসূচী ৷

নবকান্ত বৰুৱাৰ জন্মদিনত উপলক্ষে মৰাণত দুখনকৈ গ্ৰন্থ উন্মোচন
নৱকান্ত বৰুৱাৰ জন্মদিনত উপলক্ষে মৰাণত দুখনকৈ গ্ৰন্থ উন্মোচন

মৰাণত নৱকান্ত বৰুৱাৰ জন্মদিনৰ দিনটোতে দুখনকৈ গন্থ উন্মোচন কৰা হয় ৷ মৰাণ চহৰৰ সমীপত স্থিত মন্দাকিনী ৰেষ্টুৰেন্টৰ সভাগৃহত অনুষ্ঠিত এটা অনুষ্ঠানত ড৹ লোহিত কুমাৰ বৰাৰ 'দেশ-বিদেশৰ এমুঠি কবিতা' শীৰ্ষক এখন কবিতা পুথি উন্মোচন কৰে মৰাণৰ জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ ছেত্ৰীয়ে ৷ লগতে ড৹ স্বপন কুমাৰ চুতীয়াৰ কাব্য গ্ৰন্থ 'তৰা ফুল' উন্মোচন কৰে মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড৹ অনিল শইকীয়াই ৷ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মৰাণৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক: বিশ্বনাথৰ ঐতিহাসিক বুঢ়া মাধৱ থান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.