নাহৰকটীয়া, 15 আগষ্ট : মানৱ সভ্যতাক লজ্জানত কৰা এক ঘটনা ! অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত পৰি তন্ত্ৰ মন্ত্ৰৰ সহায়ত 18 ঘণ্টা ধৰি চলিল এগৰাকী মৃত মহিলাক জীয়াই তোলাৰ আপ্ৰাণ চেষ্টা ৷ বিজ্ঞান প্ৰযুক্তিৰ এই যুগতো এইখন অসমতে চলিছে মৃত লোকক পুনৰ জীৱিত কৰি তোলাৰ চেষ্টা ৷
ডিব্ৰুগড় জিলাৰ জয়পুৰৰ টিপামত উৰ্মিলা দেৱী নামৰ এগৰাকী মহিলাক বুধবাৰে কুণ্ডুয়ে আক্ৰমণ কৰিছিল ৷ মহিলাগৰাকীৰ অৱস্থা গুৰুতৰ হোৱাত পৰিয়ালৰ লোকে মহিলাগৰাকীক চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যায় ৷
স্থানীয় লোকৰ পৰা জানিব পৰা অনুসৰি, গুৰুতৰ ভাবে অসুস্থ মহিলাগৰাকীক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱাৰ বিপৰীতে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিয়েই ঘৰলৈ উভতাই পঠাই চিকিৎসালয় কতৃপক্ষই ৷ ঘৰলৈ উভতি অহাৰ পৰৱৰ্তী সময়ত মহিলা গৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ অধিক অৱনতি ঘটাত শুকুৰবাৰে মহিলাগৰাকীক জয়পুৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মহিলাগৰাকী মৃত বুলি ঘোষণা কৰে ৷
কিন্তু পৰিয়ালৰ লোকে মহিলাগৰাকীৰ মৃত্যুক সহজভাৱে মানি ল'ব নোৱাৰি স্থানীয় এজন বেজৰ দ্বাৰা আৰম্ভ কৰে তন্ত্ৰ-মন্ত্ৰ ৷ মহিলাগৰাকীক পুনৰ জীৱিত কৰি তুলিবলৈ প্ৰায় 18 ঘণ্টা ধৰি বেজে চলালে তন্ত্ৰ-মন্ত্ৰ ৷
অৱশ্যে এই ঘটনাৰ উমান পাই গাঁৱৰ একাংশ সচেতন লোকে মহিলাগৰাকীৰ সৎকাৰৰ ব্যৱস্থা কৰে ৷
এতিয়া প্ৰশ্ন হয়, যিটো সময়ত চিকিৎসা বিজ্ঞান, শিক্ষা আৰু তথ্য প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ সমাজ ব্যৱস্থা আগুৱাই গৈছে তেনে সময়তে এইখন অসমতে অন্ধবিশ্বাসৰ কৱলত পৰি একাংশ লোকে সংঘটিত কৰা ডাইনী হত্যাৰ পৰা আদি কৰি এনেধৰণৰ তন্ত্ৰ মন্ত্ৰৰ ঘটনা সমূহৰ অন্ত কেতিয়া ? নে অন্ধবিশ্বাসৰ ফলত জীৱিত অথবা মৃত লোকৰ লগত চলি থাকিব অমানৱীয় ঘটনা !
লগতে পঢ়ক : পাকিস্তানৰ যুদ্ধবিৰতি উলংঘনে দুৰ্বিসহ কৰিছে নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ লোকৰ জীৱন