ETV Bharat / state

মৰাণত অসম আৰক্ষীৰ শ্বহীদ জোৱানক শ্ৰদ্ধাঞ্জলি

author img

By

Published : Jul 28, 2021, 1:59 PM IST

লাইলাপুৰত মিজো আৰক্ষীৰ গুলিত নিহত অসম আৰক্ষীৰ জোৱান সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আঘাতপ্ৰাপ্ত সকলৰ আৰোগ্য কামনাৰে মৰাণ ট্ৰেফিক পইণ্টত প্ৰগতিশীল যুৱ মঞ্চ মৰাণৰ উদ্যোগত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

Tributes to The Martyrs of Lailapur
মৰাণত অসম আৰক্ষীৰ শ্বহীদ জোৱানক শ্ৰদ্ধাঞ্জলি

মৰাণ, ২৮ জুলাই : অসম-মিজোৰাম সীমান্তৰ ঘটনাকলৈ সম্প্ৰতি ৰাজ্য উত্তাল হৈ আছে । বিভিন্ন স্থানত ইতিমধ্য দল সংগঠনসমূহে মিজোৰাম চৰকাৰ (Mizoram Government) আৰু মিজো আৰক্ষীৰ (Mizoram Police) বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । ইয়াৰ মাজতে এই ঘটনাত ৬ জনকৈ অসম আৰক্ষীৰ (Assam Police) জোৱান আৰু এগৰাকী সাধাৰণ নাগৰিকৰ মৃত্যুত মৰ্মাহত ৰাজ্যবাসী । ঠায়ে ঠায়ে শোকসভাৰ আয়োজন কৰাৰ লগতে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে ।

মৰাণতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় নিহত আৰক্ষী জোৱানসকলক । অসম আৰক্ষীৰ জোৱান সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আঘাতপ্ৰাপ্ত সকলৰ আৰোগ্য কামনাৰে মৰাণ ট্ৰেফিক পইণ্টত প্ৰগতিশীল যুৱ মঞ্চ মৰাণৰ উদ্যোগত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । উল্লেখ্য যে, উক্ত ঘটনা সন্দৰ্ভত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

অসমৰ প্ৰতিটো দল-সংগঠনে উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে । প্ৰগতিশীল যুৱ মঞ্চ মৰাণৰ উদ্যোগত মৰাণ ট্ৰেফিক পইণ্টত অনুষ্ঠিত হোৱা বন্তি প্ৰজ্বলন অনুষ্ঠানত মঞ্চৰ সভাপতি অবিনাশ চেতীয়া আৰু সম্পাদক অনল গিৰি বৰবৰাৰ লগতে আহোম জাতীয় গণমঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক অকন ভূঞাঁসহ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে । উল্লেখ্য যে, স্বাধীনতাৰ পাছৰ পৰাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সীমা সমস্যা সমাধান কৰাৰ কথা কেৱল কৈহে আহিছিল বাস্তৱত কিন্তু আজিও অসমৰ সীমা সমস্যা সমাধান নহ'ল ।

ফলত সোমবাৰে অসম-মিজোৰাম সীমান্তত ভূমি বিবাদক (border dispute) কেন্দ্ৰ কৰি সৃষ্টি হ'ল অশান্ত পৰিস্থিতিৰ । এই পৰিস্থিতিৰ মাজত মিজোৰ আৰক্ষী গুলিত লাইলাপুৰত (Lailapur) ৬ জন অসম আৰক্ষী জোৱান শ্বহীদ হয় । এই ঘটনাই ইতিমধ্যে দেশজুৰিও চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক :চৰাইদেউৰ নাগালেণ্ড সীমান্ততো হ’ব পাৰে লাইলাপুৰ কাণ্ডৰ পুনৰাবৃত্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.