ETV Bharat / state

শিশুৰ পুষ্টিহীনতা দূৰ কৰাৰ বাবে ডিব্ৰুগড়ত চলি থকা প্ৰশিক্ষণৰ সামৰণি - ডিব্ৰুগড় জিলা

শিশুৰ পুষ্টিহীনতা দূৰ কৰাৰ বাবে ডিব্ৰুগড় জিলাত CP-SAM কাৰ্যসূচীৰ অধীনত বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী । জিলাখনৰ অতিকৈ পুষ্টিহীনতাত ভোগা শিশুসকলৰ পুষ্টিহীনতা দূৰ কৰাৰ উদ্দেশ্যে সমূহীয়া ভিত্তিত পদক্ষেপ গ্ৰহণৰ লক্ষ্যৰে প্ৰশিক্ষণৰ আয়োজন । বৃহস্পতিবাৰে সামৰণি পৰে তিনিদিনীয়া প্ৰশিক্ষণৰ ।

শিশুৰ পুষ্টিহীনতা দূৰ কৰাৰ বাবে ডিব্ৰুগড়ত চলি থকা প্ৰশিক্ষণৰ সামৰণি

author img

By

Published : Feb 4, 2021, 10:07 PM IST

মৰাণ, ৪ ফেব্ৰুৱাৰী: শিশুসকলৰ পুষ্টিহীনতা দূৰ কৰাৰ বাবে ডিব্ৰুগড় জিলাত বিশেষ পদক্ষেপ হাতত লোৱা হৈছে । জানিব পৰা মতে জিলাখনৰ অতিকৈ পুষ্টিহীনতাত ভোগা শিশুসকলৰ পুষ্টিহীনতা দূৰ কৰাৰ উদ্দেশ্যে সমূহীয়া ভিত্তিত পদক্ষেপ গ্ৰহণৰ লক্ষ্যৰে জিলা খনত Community-based Program for Children with Severe Acute Malnutrition (CP-SAM) শীৰ্ষক এক কাৰ্যসূচী গ্ৰহণ কৰা হ'ব ।

উক্ত কাৰ্যসূচী সফলভাৱে ৰূপায়ন কৰাৰ বাবেই CP-SAM কাৰ্যসূচীৰ অধীনত ডিব্ৰুগড়ৰ জিলা গ্ৰামোন্নয়ন অভিকৰণৰ জাগৃতি প্ৰেক্ষাগৃহত বিষয়া সকলক প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছিল । বৃহস্পতিবাৰে তিনিদিনীয়াকৈ চলি থকা উক্ত প্ৰশিক্ষণ কাৰ্যসূচী সফলভাৱে সমাপ্তি হয় ।

বৃহস্পতিবাৰৰ সামৰণি অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, অতিৰিক্ত উপায়ুক্ত নন্দিতা বৰুৱা আৰু স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ কৃষ্ণা কেম্প্ৰাই উপস্থিত থাকে ৷ উক্ত কাৰ্যসূচীত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই পোষণ অভিযানৰ অধীনত নতুনকৈ নিযুক্তি লাভ কৰা ৫ জন খণ্ড সমন্বয়ক আৰু খণ্ড প্ৰকল্প সহায়কক নিযুক্তি প্ৰদান কৰাৰ লগতে পোষণ অভিযানৰ অধীনত থকা জিলা আৰু খণ্ড সমন্বয়সকলৰ মাজত ৯ টা লেপটপ আৰু ৯ টা প্ৰিণ্টাৰ বিতৰণ কৰে ।

লগতে পঢ়ক:চুড়ান্ত হ'ল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.