ETV Bharat / state

ডিব্ৰুগড়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰশিক্ষণ কাৰ্যসূচী - টোকোলাই চাহ গৱেষণা সংস্থা

ডিব্ৰুগড়ত ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা ৷ অসম চৰকাৰৰ চাহ সঞ্চালকালয় আৰু টোকোলাই চাহ গৱেষণা সংস্থাৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ ডিকমত ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ ব্যৱস্থা ৷ অসমৰ বহু সংখ্যক ক্ষুদ্ৰ চাহ খেতিয়কৰ কৰ্মশালাত অংশগ্ৰহণ ৷ ক্ষুদ্ৰ চাহ খেতিয়ক সকলক শীঘ্ৰে মাটি পট্টা প্ৰদান কৰা হ'ব বুলি মন্তব্য লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ ৷

Training program for Small tea farmers at Dibrugarh
ডিব্ৰুগড়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰশিক্ষণ কাৰ্যসূচী
author img

By

Published : Jan 22, 2021, 10:58 PM IST

মৰাণ, 22 জানুৱাৰী: অসমত চাহৰ চাহিদা বৃদ্ধি কৰাৰ ক্ষেত্ৰত ক্ষুদ্ৰ চাহ খেতিৰ চাহ খেতিৰ ভূমিকাৰ কথা চৰ্চিত হৈ থকাৰ লগতে অসমৰ চাহ খেতিয়ক সকলক আগুৱাই নিয়াই ক্ষেত্ৰত চৰকাৰখনে যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰা নাই বুলি ক্ষুদ্ৰ চাহ খেতিয়ক সকলে অভিযোগ উত্থাপন কৰি অহাৰ মাজতে শুকুৰবাৰে অসম চৰকাৰৰ চাহ সঞ্চালকালয়ে ডিব্ৰুগড়ত ক্ষুদ্ৰ চাহ খেতিয়ক সকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰে ৷

অসমৰ বহু সংখ্যক ক্ষুদ্ৰ চাহ খেতিয়কৰ কৰ্মশালাত অংশগ্ৰহণ

শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ ডিকমত অসম চৰকাৰৰ চাহ সঞ্চালকালয় আৰু টোকোলাই চাহ গৱেষণা সংস্থাৰ সৌজন্যত ক্ষুদ্ৰ চাহ খেতিয়কৰ এদিনীয়া সমাৰোহ আৰু প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ উজনি অসমৰ বহু সংখ্যক ক্ষুদ্ৰ চাহ খেতিয়কে এই কৰ্মশালাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

উক্ত প্ৰশিক্ষণ অনুষ্ঠানত উপস্থিত থাকি লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই ক্ষুদ্ৰ চাহ খেতিয়ক সকলক মাটি পট্টা প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰে ৷ চাহ খেতিয়ক সকলক মাটিৰ পট্টা প্ৰদানৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰে ইতিমধ্যে সকলো কাম প্ৰায় সম্পূৰ্ণ কৰিছে বুলিও বৰুৱাই জানিবলৈ দিয়ে ৷

উল্লেখ্য যে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক চৰকাৰে যেনেদৰে সহায় কৰিব কৰিব লাগিছিল, তেনেদৰে সহায় নকৰাৰ অভিযোগ সময়ে সময়ে উত্থাপিত হৈ আহিছে ৷ অৱশ্যে এই অভিযোগ সমূহৰ মাজতো মাটিৰ সমস্যা, অৰ্থৰ সমস্যা, কাৰিকৰী সমস্যা, কেঁচা চাহপাত বিক্ৰীৰ সমস্যা আদি বিভিন্ন সমস্যাই ভাৰাক্ৰান্ত কৰাৰ পাছতো ক্ষুদ্ৰ চাহ খেতিয়কসকলে সমস্যা সমূহৰ বিৰুদ্ধে যুঁজ দি ক্ষুদ্ৰ চাহ খেতিক অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনৰ বিশেষ অংশ ৰূপে গঢ়ি তোলাৰ চেষ্টা চলাই অহা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:প্ৰধান মন্ত্ৰী আগমনক লৈ ডিব্ৰুগড়ত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.