ETV Bharat / state

Pani meteka product: বিশেষভাৱে সক্ষম লোকসকলৰ বাবে পানীমেটেকাৰ পৰা সামগ্ৰী নিৰ্মাণৰ প্ৰশিক্ষণ

author img

By

Published : May 21, 2023, 8:32 PM IST

টিংখাঙত বিশেষভাৱে সক্ষমসকলৰ বাবে বিশেষ পদক্ষেপ হাতত লৈছে "মৃণালজ্যোতি পুনৰ্বাস কেন্দ্ৰ" নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই ৷ প্ৰশিক্ষাৰ্থীসকলক অসমৰ জলাশয়ত সহজে উপলব্ধ পানীমেটেকাৰ পৰা বিভিন্ন সামগ্ৰী নিৰ্মাণৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে (Training of product making from Pani meteka) ।

Training of product making from Pani meteka
বিশেষভাৱে সক্ষম লোকসকলৰ বাবে পানীমেটেকাৰ পৰা সামগ্ৰী নিৰ্মাণৰ প্ৰশিক্ষণ

মৰাণ, 21 মে’: পানীমেটেকা আমাৰ গাঁওসমূহত সচৰাচতে দেখা এবিধ জলজ উদ্ভিদ ৷ সাধাৰণতে এই পানীমেটেকাসমূহ পুখুৰীত হ’লে আৱৰ্জনা বুলি পেলাই দিয়া যায় ৷ কিন্তু শেহতীয়াকৈ এই পানীমেটেকাসমূহ ব্যৱহাৰ কৰিয়েই একাংশ লোকে বিভিন্ন ব্যৱহাৰ্য সামগ্ৰী তৈয়াৰ কৰা দেখা যায় ৷ বিভিন্ন গাঁও অঞ্চলত পানীমেটেকাৰৰ পৰা সামগ্ৰী প্ৰস্তুত কৰিয়েই নিজৰ জীৱিকাৰ পথ মুকলি কৰিছে (Training of product making from Pani meteka)৷

এইবাৰ টিংখাঙত বিশেষভাৱে সক্ষমসকলৰ বাবে বিশেষ পদক্ষেপ হাতত লৈছে "মৃণালজ্যোতি পুনৰ্বাস কেন্দ্ৰ" নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই ৷ সমাজৰ বিশেষভাৱে সক্ষম সকলেও যাতে আত্মগৌৰৱ আৰু স্ব-নিৰ্ভৰশীলতাৰে জীৱন যাপন কৰিব পাৰে তাৰ বাবে আগবাঢ়ি আহিছে এই সংস্থাটো (Pani meteka product making training) ৷

উল্লেখযোগ্য যে মৃণালজ্যোতি পুনৰ্বাস কেন্দ্ৰৰ উদ্যোগত তথা অইল ইণ্ডিয়া লিমিটেডৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অন্তৰ্গত "অইল সক্ষম" প্ৰকল্পৰ সহযোগত বিশেষভাৱে সক্ষমসকলৰ বাবে গ্ৰহণ কৰা হৈছে 10 দিনীয়া এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী (Training for differently able people )। য'ত প্ৰশিক্ষাৰ্থীসকলক অসমৰ জলাশয়ত সহজে উপলব্ধ পানীমেটেকাৰ পৰা বিভিন্ন সামগ্ৰী নিৰ্মাণৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। অভিজ্ঞ প্ৰশিক্ষকৰ তত্ত্বাৱধানত টিংখাং ৰাজগড়ৰ ড৹ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা প্ৰশিক্ষণত প্ৰায় 19 গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে।

যিসকল বিশেষভাৱে সক্ষম লোকে এই প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ অপাৰগ, তেঁওলোকৰ হৈ পৰিয়ালৰ কোনো এজন ব্যক্তিক প্ৰশিক্ষণত অংশগ্ৰহণ কৰাৰ সুবিধাও প্ৰদান কৰ হৈছে। 10 দিনীয়া প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহৰ বজাৰৰ ব্যৱস্থাও উদ্যোক্তাসকলৰ ফালৰ পৰা প্ৰদান কৰা হ'ব ৷ বৰ্তমান বজাৰত মেটেকাৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীৰ যথেষ্ট চাহিদা আছে।

মেটেকাৰ দ্বাৰা তৈয়াৰ কৰা একো একোটা সামগ্ৰী 200 ৰ পৰা 3000 টকা দৰত বিক্ৰী হয়। সেয়ে পানী মেটেকাক কেঁচা সামগ্ৰী হিচাবে লৈ ক্ষুদ্ৰ উদ্যোগ গঢ় দি গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ যথেষ্ট স্থল আছে বুলি উল্লেখ কৰে মৃণালজ্যোতি পুনৰ্বাস কেন্দ্ৰৰ বিষয়বৱীয়া আৰু প্ৰশিক্ষকসকলে। আনহাতে প্ৰশিক্ষণত অংশগ্ৰহণ কৰি যথেষ্ট আনন্দিত হোৱাৰ লগতে এক নতুন জীৱনৰ পাতনিৰ আশা জাগ্ৰত হোৱাৰ কথা উল্লেখ কৰে প্ৰশিক্ষাৰ্থীসকলে।

লগতে পঢ়ক: Scam in Repairing Rabindra Bhawan : ৰবীন্দ্ৰ ভৱন মেৰামতিৰ নামত 8 কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.