নামৰূপ, 19 জুলাই : ক'ভিড-19 আৰু বানপানীৰ সন্ত্ৰাস চলি থকাৰ সময়তে দেওবাৰে অসম চৰকাৰৰ বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নামৰূপত উপস্থিত হয় ৷ দুদিনীয়া উজনি অসম ভ্ৰমণৰ মাজতে নামৰূপ সাৰ কাৰখানাত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে কাৰখানাটো পৰ্যবেক্ষণ কৰাৰ লগতে কৰ্তৃপক্ষৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷
লগতে, মন্ত্ৰী গৰাকীয়ে সংকটৰ গৰাহত থকা নামৰূপ সাৰ কাৰখানাটো পুনৰ উজ্জীৱিত কৰিবলৈ দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সাৰকাৰখানা সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰাৰ লগতে ৰাজ্য চৰকাৰেও উদ্যোগটো পুনৰ উজ্জীৱিত কৰাৰ বাবে তৎপৰতা গ্ৰহণ কৰা বুলি উল্লেখ কৰে ৷
উল্লেখ্য যে, মন্ত্ৰীজনৰ সৈতে এই কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী,ভাৰতীয় জনতা যুৱ মৰ্চাৰ উপ সভাপতি তৰংগ গগৈয়ো উপস্থিত থাকে ৷
লগতে পঢ়ক : গৰু ছিণ্ডিকেটৰ লগত আৰক্ষী তথা বহুতো মন্ত্ৰী-বিধায়ক জড়িতঃ সাংসদ