ETV Bharat / state

মৰাণত ২২৭১ জনলৈ বৃদ্ধি ক'ভিডত আক্ৰান্তৰ সংখ্যা - নাহৰণি ব্লক

বৃহস্পতিবাৰে মৰাণত ৭০ জন লোকৰ দেহত ক'ভিডৰ অৱস্থিতি । বৃহত্তৰ মৰাণ অঞ্চলত সৰ্বমুঠ ২,২৭১ জন লোক ক'ভিডত আক্ৰান্ত । বৰ্তমানলৈকে মৰাণত ২২ জন লোক ক'ভিডত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

covid
মৰাণত ২২৭১ জনলৈ বৃদ্ধি ক'ভিডত আক্ৰান্তৰ সংখ্যা
author img

By

Published : May 28, 2021, 12:36 PM IST

মৰাণ, ২৮ মে': ডিব্ৰুগড় জিলাত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা ৷ বৃহস্পতিবাৰৰ দিনটোত জিলাখনৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত ৭০ জন লোকৰ দেহত ধৰা পৰিছে ক'ভিডৰ অৱস্থিতি ধৰা পৰে ।

ইয়াৰে ভিতৰত খোৱাং স্বাস্থ্য কেন্দ্ৰৰ ৬৪ জন, চৰাদেউৰ ১ জন আৰু ৫ জন নাহৰণি ব্লকৰ নিৱাসী । খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বৃহস্পতিবাৰলৈকে মুঠ ১,৮৩৬ গৰাকীলৈ বৃদ্ধি হয় ক’ভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা । ক'ভিড আক্ৰান্ত সকলক ১৭ জনক মৰাণ নৱোদয় বিদ্যালয়, লেঙেৰ ক'ভিড কেয়াৰ কেন্দ্ৰত চিকিৎসাধীনৰ লগতে মৰাণ চাহ বাগিচা আইছলেচন ৱাৰ্ড কভিড কেয়াৰ কেন্দ্ৰত আৰু বাকীকেইজন আক্ৰান্তক হোম আইছলেচনত ৰখা হৈছে । বৰ্তমানলৈ ৫৫২ জন সক্ৰিয় ক'ভিড সংক্ৰমিত লোক হোম আইছলেচনত আছে ।

চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত এলেকাত বৃহস্পতিবাৰে ৫ জন লোকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে । পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সৰ্বমুঠ ৪৩৫ জন লোকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে । চিকিৎসক সকলে জানিবলৈ দিয়া মতে, আক্ৰান্ত প্ৰায় সকলোকে হোম আইছলেচনত ৰখা হৈছে । দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত সৰ্বমুঠ ২,২৭১ জন লোক ক'ভিডত আক্ৰান্ত হৈছে । বৰ্তমানলৈকে বৃহত্তৰ মৰাণ অঞ্চলত ২২ জন লোক ক'ভিডত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে ।

লগতে পঢ়ক: মাজুলীত খহনীয়া ৰোধৰ প্ৰতিশ্ৰুতি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.