টিংখাং, 19 জুলাইঃ ৰাজ্যজুৰি কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে দেওবাৰে টিংখাঙত শাওনৰ পথাৰত নামিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ একাংশ সদস্য ৷ কৃষক নেতা গৰাকীৰ মুক্তিৰ লগতে উন্নত চিকিৎসা প্ৰদানৰ দাবীত পথাৰত ন-ভূঁই ৰুই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্যসকলে ৷
লগতে পঢ়কঃ বাক্সা আৰক্ষীৰ অভিযানত মাৰণাস্ত্ৰৰ সহ সক্ৰিয় গুলী উদ্ধাৰ
ডিব্ৰুগড় জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত তথা ৰাজগড় আঞ্চলিক সমিতিৰ সহযোগত ৰাজগড় ৰঙাবননীৰ পথাৰত ন-ভূঁই ৰুই ব্যতিক্ৰমী প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে। ভূঁই ৰোৱাৰ সমান্তৰালভাৱে প্ৰতিবাদকাৰী সকলে হাত-হাতে প্লেকাৰ্ড লৈ অখিল গগৈ সহ " কা " বিৰোধী সকলো কাৰাবন্দীক অতি শীঘ্ৰে মুক্তি প্ৰদানৰ দাবী জনাই। তদুপৰি বিজেপি চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক তীব্ৰ সমালোচনাও কৰে এই সকল প্ৰতিবাদকাৰী কৃষকে ।