ETV Bharat / state

টিংখাঙৰ সমল কেন্দ্ৰৰ শিক্ষক সমাজৰ প্ৰশংসনীয় পদক্ষেপ

author img

By

Published : Apr 18, 2020, 10:46 AM IST

টিংখাঙৰ শিক্ষক সমাজে আৰ্তজনৰ কাষ চাপি দেখুৱালে মানৱতাৰ নিদৰ্শন ৷ প্ৰায় এশটা অতি দৰিদ্ৰ পৰিয়ালৰ ঘৰে ঘৰে গৈ খাদ্য সামগ্ৰী বিতৰণ ৷

tingkhong-teacher-socity-help-lock-down-famaliy
টিংখাঙৰ সমল কেন্দ্ৰৰ শিক্ষক সমাজৰ প্ৰশংসনীয় প্ৰদক্ষেপ

টিংখাং 18 এপ্ৰিল: ডিব্রুগড় জিলাৰ জয়পুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত কুঁৱৰী গাঁও সমল কেন্দ্ৰৰ শিক্ষক সমাজে দেশৰ মহা সংকটৰ মুহূৰ্তত আৰ্তজনৰ কাষ চাপি কৰিলে সহায়। সমল কেন্দ্ৰটোৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে ক'ৰণা ভাইৰাছ নিৰ্মূলৰ বাবে ভাৰত চৰকাৰে তলাবন্ধ কাৰ্যসূচী গ্ৰহণ কৰাৰ ফলত খাদ্য সামগ্ৰী সংকটত ভোগা কমেও এশটা পৰিয়ালক অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণৰ কৰে।

টিংখাঙৰ সমল কেন্দ্ৰৰ শিক্ষক সমাজৰ প্ৰশংসনীয় পদক্ষেপ

শিক্ষক সামাজিক ব্যৱধান ৰক্ষা কৰি প্ৰায় এশটা অতি দৰিদ্ৰ পৰিয়ালৰ ঘৰে ঘৰে গৈ খাদ্য সামগ্ৰী বিতৰণ কৰে। খাদ্য সামগ্ৰী বিতৰণৰ সমান্তৰালকৈ বিশ্ব ত্ৰাস সৃষ্টি কৰা ক'ৰণা ভাইৰাছ নিৰ্মূল সন্দৰ্ভত ল'বলগীয়া সাৱধানতা সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ লগতে তলাবন্ধ কাৰ্যসূচী মানি চলিবলৈ ৰাইজক আহ্বান জনাই।

লগতে পঢক : লক ডাউন কেবাগৰাকী বিশিষ্ট ব্যক্তি সৈতে টেলিফোনিক বাৰ্তালাপ মুখ্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.