ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত টিংখাংত মানৱ শৃংখল

author img

By

Published : Jul 21, 2020, 5:29 PM IST

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ডিব্ৰুগড় জিলাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শাখা কমিটিয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ জিলাখনৰ টিংখাং সমষ্টিৰ অন্তৰ্গত বামুনবাৰী বৰবাম গাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰবাম শাখা সমিতিয়ে মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ লগতে অখিল গগৈক মুক্তি দিয়াৰ বাবে হাতে হাতে বেনাৰ,প্লে'কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে,শাসকীয় চৰকাৰক কঠোৰভাৱে সমালোচনা কৰি কৃষক নেতা গৰাকীক মুকলি কৰি নিদিলে অনাগত দিনত জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে ৷

TINGKHONG KMSS PROTEST, DEMAND RELEASE TO AKHIL GOGOI
অখিল গগৈৰ মুক্তিৰ দাবীত টিংখাংত মানৱ শৃংখল

টিংখাং, 21 জুলাই : কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সৃষ্টি হৈছে ৷ বিনাচৰ্তে নেতা গৰাকীক মুকলি কৰি দিয়াৰ বাবে বিভিন্ন দল সংগঠনৰ লগতে ৰাজ্যৰ সচেতন মহলে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৷

মংগলবাৰে কৃষক নেতা গৰাকীক মুক্তিৰ দাবীত ডিব্ৰুগড় জিলাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শাখা কমিটিয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ জিলাখনৰ টিংখাং সমষ্টিৰ অন্তৰ্গত বামুনবাৰী বৰবাম গাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰবাম শাখা সমিতিয়ে মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদকাৰী সকলে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ লগতে অখিল গগৈক মুক্তি দিয়াৰ বাবে হাতে হাতে বেনাৰ,প্লে'কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে,শাসকীয় চৰকাৰক কঠোৰভাবে সমালোচনা কৰি কৃষক নেতা গৰাকীক মুকলি কৰি নিদিলে অনাগত দিনত জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে ৷

সংগঠনটোৰ দাবী অনুসৰি,যেতিয়ালৈ নাগৰিকত্ব সংশোধনী আইন বাতিল কৰি কৃষক নেতা অখিল গগৈক মুকলি কৰি নিদিব তেতিয়ালৈ সংগঠনটোৱে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি জানিব দিয়ে ৷

উল্লেখ্য যে,উক্ত প্ৰতিবাদত লেঙেৰী আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটিয়া সম্পাদক বুবু গোহাই,কিৰণ শইকীয়া,উপ সভাপতি হিৰণ্য সোণোৱালকে আদি বহু কেইগৰাকী নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক : কোৱাৰেন্টাইনৰ নিৰ্দেশনা অৱমাননা কৰি নিলম্বিত লাট মণ্ডল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.