ETV Bharat / state

টিংখাঙত হাঁউৰি উৎসৱ পালন - ডিব্ৰুগড়

টিংখাঙত আনন্দ -উল্লাসৰ মাজেৰে হাঁউৰি উৎসৱ পালন । সময়ৰ সোঁতত হেৰাই যোৱাৰ উপক্ৰম ঘটিছে অসমৰ প্ৰাচীন হাঁউৰি উৎসৱৰ। কিন্তু তাৰ বিপৰীতে টিংখাঙৰ এখন পথাৰত দেখা গ'ল হাঁউৰি উপলক্ষে বিশেষ ব্যস্ততা।

টিংখাঙত হাঁউৰি উৎসৱ পালন
author img

By

Published : Aug 3, 2019, 7:52 PM IST

টিংখাঙ,3আগষ্টঃ অসমত উজনিৰ পৰা নামনিলৈ বানৰ তাণ্ডৱ চলাৰ পাচতেই এতিয়া কৃষি বতৰত কৃষক ৰাইজে শাওনৰ পথাৰত ৰচিছে সপোন । সমান্তৰালকৈ ডিব্ৰুগড়ৰ টিংখাঙৰ কৃষক সকলো ব্যস্ত হৈ পৰিছে পথাৰত৷ টিংখাঙৰ শ্ৰী পুৰীয়া গাঁৱৰ কৃষিজীৱী ৰাইজে পৰম্পৰাগত ভাৱে হাঁউৰি পদ্ধতিৰে কৃষি কাৰ্য সমাপন কৰি আহিছে । শনিবাৰে গাঁওখনৰ কৃষক গনেশ গগৈৰ পথাৰত পৰম্পৰা ধৰি ৰখাৰ উদ্দেশ্যেৰে হাঁউৰি ব্যৱস্থাৰে ন- ভূঁই ৰুৱা হয়। শাওনৰ পথাৰত গৰু-ম'হৰ হালৰ শেষ পৰশ দিয়াৰ লগতে ৰোৱনী সকল কঠীয়া ৰোৱাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হয়।

টিংখাঙত হাঁউৰি উৎসৱ পালন

কি এই হাঁউৰি উৎসৱ ?

কৃষিৰ লগত জড়িত বিভিন্ন উৎসৱৰ সমূহৰ ভিতৰত অন্যতম হ'ল হাঁউৰি উৎসৱ । নিয়ম অনুসৰি যিঘৰে ভূঁই ৰোৱা বা হাউৰি আৰম্ভ কৰিব সেই গৃহস্থই গাঁৱৰ গৰুহাল আৰু ৰোৱনীসকলক উক্ত দিনাৰ বাবে আগতীয়াকৈ নিমন্ত্ৰণ জনাই থয় । সেইমতে গৃহস্থৰ ঘৰত গাঁৱৰ মানুহে সমূহীয়াকৈ সহায় কৰি দিয়ে । গাওঁখনৰ লোকসকলে সেই নিদিষ্ট দিনটোত সেই ঘৰ লোকৰ খেতি পথাৰত হাল বাই, কঠীয়া পেলাই দি লগতে ৰোৱনী সকলেও ভূঁই ৰুই একেদিনাই খেতি শেষ কৰি সহায় কৰি দিয়ে । পথাৰত গৃহস্থই সাধ্য অনুযায়ী এমুঠি জলপানৰ ব্যৱস্থা কৰে আৰু পথাৰৰ আলিত বহি সকলোৱে আনন্দ মনেৰে খায় । গৃহস্থই প্ৰথমে সাত বা পাঁচ গুচি কঠিয়া ৰোৱাটো নিয়ম । ভূঁই ৰোৱা বা হাঁউৰি উৎসৱে অতীতৰে পৰা অসমৰ গাঁও সমূহত ঐক্য,শান্তি, ভাতৃত্ববোধ সৃষ্টি কৰি আহিছে । আধুনিকতাৰ ধামখুমীয়াত গ্ৰাম্য সমাজৰ পৰা হাঁউৰি পৰম্পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে যদিও বৰ্তমানেও কিছু কিছু অঞ্চলত এই পৰম্পৰা অব্যাহত আছে ।

Intro:।।টিংখাঙত আনন্দ -উল্লাসৰ মাজেৰে হাঁউৰি উৎসৱ পালন। সময়ৰ সোঁতত হেৰাই যোৱাৰ উপক্ৰম হৈছে অসমৰ প্ৰাচীন হাঁউৰি উৎসৱৰ। কিন্তু তাৰ বিপৰীতে টিংখাঙৰ এখন পথাৰত দেখা গ'ল হাঁউৰি উপলক্ষে বিশেষ ব্যস্ততা। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন।
Body:অতীজৰে পৰা অসমৰ লোক কৃষি জীৱি । অসমত কৃষিৰ লগত জড়িত বহুতো প্ৰথা প্ৰচলন আছে আৰু কিছুমান কালৰ বুকুত হেৰাই যোৱাৰ উপক্ৰম ঘটিছে । অসমত উজনিৰ পৰা নামনিলৈ বানৰ তাণ্ডৱ চলাৰ পাছতে এতিয়া কৃষি বতৰত কৃষক ৰাইজে শাওনৰ পথাৰত ৰচিঁছে সপোন । ডিব্ৰুগড় জিলাৰ টিংখাঙৰ কৃষকসকলো ব্যস্ত হৈ পৰিছে পথাৰত। কৃষিৰ লগত জড়িত বিভিন্ন উৎসৱৰ মাজত এটি হল হাঁউৰি উৎসৱ । যিটোৱে একোখন গাঁও বা চুবুৰীয়া বাসিন্দা সকলৰ মাজত বন্ধুত্ব ,ভাতৃত্ব আৰু ঐক্যতাৰ এনাজৰী হিচাপে সবল ভূমিকা গ্ৰহণ কৰি আহিছে অতীজৰে পৰা। নিয়ম অনুসৰি যিঘৰে ভূঁই ৰোৱা বা হাউৰি আৰম্ভ কৰিব সেই গৃহস্থই গাঁৱৰ গৰুহাল আৰু ৰোৱনী সকলক উক্ত দিনাৰ বাবে আগতীয়াকৈ নিমন্ত্রণ জনাই থয় । সেইমতে গৃহস্থৰ ঘৰত গাঁৱৰ মানুহে সমূহীয়াকৈ সহায় কৰি দিয়ে । গাওঁ খনৰ লোকসকলে সেই নিদিষ্ট দিনটোত সেই ঘৰ লোকৰ খতি পথাৰত হাল বাই ,কঠীয়া পেলাই দি লগতে ৰোৱনী সকলেও ভূঁই ৰুই একেদিনাই খেতি শেষ কৰি সহায় কৰি দিয়ে । পথাৰত গৃহস্থই সাধ্য অনুযায়ী এমুঠি জলপানৰ ব্যৱস্থা কৰে আৰু পথাৰৰ আলিত বহি সকলোৱে আনন্দ মনেৰে খাই। গৃহস্থই প্ৰথমে সাত বা পাঁচ গুচি কঠিয়া ৰোৱাটো নিয়ম । ভূঁই ৰোৱা বা হাঁউৰি উৎসৱে অতীতৰে পৰা অসমৰ গাঁও সমূহত ঐক্য ,শান্তি , ভাতৃত্ববোধ সৃষ্টি কৰি আহিছে। আধুনিকতাৰ ধামখুমীয়াত গ্ৰাম্য সমাজৰ পৰা হাঁউৰি পৰম্পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে যদিও বৰ্তমানেও কিছু কিছু অঞ্চলত এই পৰম্পৰা অব্যাহত আছে।

Byte- গনেশ গগৈ ।
Conclusion:টিংখাঙৰ শ্ৰী পুৰীয়া গাঁৱৰ কৃষিজীৱী ৰাইজে পৰম্পৰাগত ভাৱে হাঁউৰি পদ্ধতিৰে কৃষি কাৰ্য সমাপন কৰি আহিছে। গাঁওখনৰ কৃষক নেতা গনেশ গগৈৰ পথাৰত পৰম্পৰা ধৰি ৰখাৰ উদ্দেশ্যেৰে শুকুৰবাৰে হাঁউৰি ব্যৱস্থাৰে ন- ভূঁই ৰুৱা হয়। শাওনৰ পথাৰত গৰু-ম'হৰ হালৰ শেষ পৰশ দিয়াৰ লগতে ৰোৱনী সকল কঠীয়া ৰোৱাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হয়।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.