টিংখাং,১৮ জুনঃ ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ডিৰাই চাহ বাগিচাত বৃহস্পতিবাৰে মৃত অৱস্থাত এটা নাহৰফুটুকী বাঘৰ পোৱালি উদ্ধাৰ হয় । বন বিভাগৰ সূত্ৰে জানিব পৰা মতে ডিৰাই চাহবাগিচাত আঘাতপ্ৰাপ্ত হৈ মৃত অৱস্থাত পৰি থকা প্ৰায়৭মহীয়া নাহৰফুটুকী বাঘৰ পোৱালিজনী বাগিচা কৰ্মচাৰীয়ে দেখা পায় বন বিভাগক খবৰ দিয়ে ।

ইপিনে খোৱাং আঞ্চলিক বন বিভাগৰ এটা দল গৈ মৃত বাঘিনীজনী উদ্ধাৰ কৰে । বিভাগে মৰণোত্তৰ পৰীক্ষাৰ অন্তত বাঘিনীজনী খোৱাং আঞ্চলিক বন বিভাগৰ কাৰ্যালৰ সমীপতে সৎকাৰ কৰে । বন বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে আন বাঘৰ সৈতে যুঁজ লাগি আঘাতপ্ৰাপ্ত হৈ বাঘিনীজনী মৃত্যু হৈছে। এয়া এক স্বাভাৱিক মৃত্যু বুলিও উল্লেখ কৰে বিষয়া গৰাকীয়ে ।
