ETV Bharat / state

টিংখাঙৰ ৰাজগড়ত সঞ্চ সন্মিলন সম্পন্ন

author img

By

Published : Feb 1, 2021, 4:22 PM IST

টিংখাং আৰু খোৱাং সঞ্চৰ উদ্যোগত তথা ৰাজগড়বাসী ৰাইজৰ সহযোগত সোমবাৰে অনুষ্ঠিত হয় চঞ্চ সন্মিলন ৷ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভণি কৰা এই সন্মিলনত জিলাখনৰ 50 খন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু 700 ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

tingkhong-chanch-sanmilan
টিংখাঙৰ ৰাজগড়ত সঞ্চ সন্মিলন সম্পন্ন

টিংখাং, 1 ফেব্ৰুৱাৰী : ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড় শংকৰদেৱ শিশু নিকেতনৰ প্ৰাংগণত ডিব্ৰুগড় জিলাৰ একল অভিযানৰ সঞ্চ সন্মিলনখন সোমবাৰে অনুষ্ঠিত হয় ৷ টিংখাং আৰু খোৱাং চঞ্চৰ উদ্যোগত তথা ৰাজগড়বাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হয় সন্মিলনখন । বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভণি কৰা এই সন্মিলনত জিলা খনৰ 50 খন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু 700 ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । সন্মিলনখনত বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত একক আৰু দলীয় দুয়ো পৰ্যায়ত বিভিন্ন প্ৰতিযোগিতাৰো অনুষ্ঠিত হয় ।

সন্মিলনৰ মুকলি সভা পৰিচালনা কৰে ডিব্ৰুগড় জিলাৰ টিংখাং সঞ্চৰ সভাপতি অজয় বাইলুঙে । সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাজগড় মহাবিদ্যালয়ৰ অধ্যক্ষ অম্বেশ্বৰ কোঁচ আৰু ৰাজগড় শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য অভিজিত চাংমাই । সভাত খণ্ড কাৰ্যবাহ ৰমেশ ওৰাং,সমাজসেৱক পান্না পাল,লক্ষী ভৰালী,ভূপেন গগৈ,প্ৰশান্ত বকলীয়ালৰ লগতে স্থানীয় গন্য মান্য বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক: সাধাৰণ বাজেটত অসমৰ পথ নিৰ্মাণৰ বাবে 34 হাজাৰ কোটি টকাৰ পেকেজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.