ETV Bharat / state

বিধায়ক বিমল বৰাক গ্ৰেপ্তাৰৰ দাবী টিংখাং মহাবিদ্যালয়ত প্ৰতিবাদ

author img

By

Published : Sep 28, 2020, 5:18 PM IST

সোমবাৰে টিংখাং মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন । অসম আৰক্ষীৰ SI পৰীক্ষাৰ কেলেংকাৰীত নাম সাঙুৰ খোৱা বিধায়ক বিমল বৰাক গ্ৰেপ্তাৰ কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সমাজে ৷

Tingkhang College students union protest for arrest MLA Bimal Bora
বিধায়ক বিমল বৰাক গ্ৰেপ্তাৰৰ দাবী টিংখাং মহাবিদ্যালয় ছাত্ৰ সমাজৰ

টিংখাং, 28 ছেপ্তেম্বৰ: অসম আৰক্ষীৰ SI পৰীক্ষাৰ কেলেংকাৰীত টিংখাঙৰ বিধায়ক বিমল বৰা নাম সাঙুৰ খাই পৰাৰ পাচতে টিংখাঙত অব্যাহত আছে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ ৷ সোমবাৰে টিংখাং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই বিধায়ক বিমল বৰাৰ বিৰদ্ধে মহাবিদ্যালয়ত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে ৷

ছাত্ৰ সমাজে SI পৰীক্ষাৰ গাফিলতিৰ সমগ্ৰ তদন্ত CBIৰ হাতত অৰ্পন কৰি বিধায়ক বৰাক গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰে । প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে’কাৰ্ড লৈ বিমল বৰা মূৰ্দাবাদ,সৰ্বানন্দ সোণোৱাল মূর্দাবাদ, নিবনুৱাক লৈ হেতালি কৰা বন্ধ কৰক আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক: কোন এই দিবন ডেকা ? কি সম্পৰ্ক আৰ এছ এছ-বিজেপিৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.