ETV Bharat / state

মৰাণত জব্দ খয়েৰ কাঠ ভৰ্তি ট্ৰাক - খয়েৰ কাঠ

আৰক্ষীয়ে জব্দ কৰা ট্ৰাক ভৰ্তি খয়েৰ কাঠখিনিৰ আনুমানিক মূল্য কেইবা কোটি টকা যদিও খোৱাঙৰ বন বিষয়াজনে ৰসহ্যজনকভাৱে মাত্ৰ 20 লাখ বুলিহে সাংবাদিকৰ আগত উল্লেখ কৰে ৷

মৰাণত জব্দ খয়েৰ কাঠ ভৰ্তি ট্ৰাক
author img

By

Published : Aug 24, 2019, 11:42 PM IST

ডিব্ৰুগড়, 24 আগষ্টঃ মৰাণৰ সমীপৰ খোৱাঙত জব্দ ট্ৰাক ভৰ্তি খয়েৰ কাঠ ৷ শুকুৰবাৰে নিশা ৩৭ নং‌ ৰাষ্ট্ৰীয় ঘাইপথত খোৱাঙৰ এটা আৰক্ষী তহলদাৰী গোটে কোনো ধৰণৰ নথি পত্ৰ নোপোৱাত ট্ৰাকখন জব্দ কৰে ৷ লগতে ট্ৰাকখনৰ চালক জীতেন্দ্ৰ সিঙক গ্ৰেপ্তাৰ কৰাৰ উপৰিও গোচৰ পঞ্জীয়ন কৰে ৷ জব্দকৃত কাঠখিনি অৰুণাচৰ ৰূপাইৰ পৰা দিল্লীলৈ আনি আছিল বুলি চালকজনে আৰক্ষীৰ আগত স্বীকাৰ কৰে ৷ উল্লেখ্য যে, চালকে ট্ৰাকখনৰ নম্বৰ প্লেট খুলি অনাৰ লগতে গাড়ীৰ বডিত লিখা থকা গাড়ীৰ নাম্বাৰ কলা গ্ৰীচ দি ঢাকি আনিছিল । পঞ্জাৱ বডী ট্ৰাকখনৰ নম্বৰ PB-13-BB-8015 ।

আনহাতে, খোৱাং বন সংমণ্ডলৰ বিষয়া ইতিমধ্যে খোৱাং থানাত উপস্থিত হৈ গাড়ীখন চমজি লোৱাৰ লগতে চালকক সোধ পোচ অব্যাহত ৰাখিছে । ইফালে উজনি অসমৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এনে ধৰণৰ চোৰাং কাঠৰ ট্ৰাক চলাচল কৰি থাকে বুলি অভিযোগ বহু দিনৰ পৰা উঠি আহিছে যদিও বন বিভাগে এই গাড়ী সমূহ জব্দ কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই বুলি মন্তব্য কৰে সচেতন ৰাইজে । তাৰোপৰি আৰক্ষীয়ে জব্দ কৰা ট্ৰাক ভৰ্তি খয়েৰ কাঠখিনিৰ মূল্য প্ৰায় কেইবা কোটি টকা যদিও খোৱাঙৰ বন বিষয়াজনে ৰসহ্যজনকভাৱে মাত্ৰ 20 লাখ বুলিহে সাংবাদিকৰ আগত উল্লেখ কৰে ৷

Intro:

মৰাণৰ সমীপৰ খোৱাঙত যোৱা নিশা ৩৭ নং‌ ৰাষ্ট্ৰীয় ঘাইপথত এক ট্ৰাক খয়েৰ কাঠ জব্দ কৰে খোৱাং আৰক্ষীয়ে । খোৱাঙৰ এটা আৰক্ষী তহলদাৰী গোটে নিশা  ট্ৰাকখনত কোনো ধৰণৰ নথি পত্ৰ নোপোৱাত ট্ৰাকখন জব্দ কৰি থানালৈ লৈ আহে । আৰক্ষীয়ে ইতিমধ্যে জীতেন্দ্ৰ সিং নামৰ চালক জনক গ্ৰেপ্তাৰ কৰাৰ লগতে এক গোচৰ পঞ্জীয়ন কৰিছে । কাঠখিনি অৰুণাচৰ ৰূপাইৰ পৰা দিল্লীলৈ আনি আছিল বুলি চালকে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে । উল্লেখ্য যে চালকে ট্ৰাকখনৰ নাম্বাৰ প্লেট খুলি অনাৰ লগতে গাড়ীৰ বডিত লিখা থকা গাড়ীৰ নাম্বাৰ কলা গ্ৰীচ দি ঢাকি আনিছিল । পঞ্জাৱ বডী ট্ৰাকখনৰ নাম্বাৰ PB13 BB 8015 । খোৱাং বন সংমণ্ডলৰ বিষয়া  ইতিমধ্যে খোৱাং থানাত উপস্থিত হৈ গাড়ীখন চমজি লোৱাৰ লগতে চালকক সোধ পোচ অব্যাহত ৰাখিছে । ইফালে উজনি অসমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এনে ধৰণৰ চোৰাং কাঠৰ ট্ৰাক চলাচল কৰি থাকে বুলি এক অভিযোগ বহু দিনৰ পৰা উঠি আছে যদিও বন বিভাগে এই গাড়ী সমূহ জব্দ কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই । আৰক্ষীয়ে জব্দ কৰা পঞ্জাৱ বডী ভৰ্তি খয়েৰ কাঠখিনিৰ মূল্য প্ৰায় কেইবা কোটি টকা যদিও খোৱাঙৰ বন বিষয়াজনে ৰসহ্য জনক ভাৱে মাত্ৰ ২০ লাখ বুলিহে সাংবাদিকৰ আগত উল্লেখ কৰিছে ।

Byte- খোৱাঙ আৰক্ষী বিষষা
খোৱাঙ বন বিষয়া
Body:ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.