ETV Bharat / state

Extortion in Dibrugarh: আলফাৰ নামত ধনদাবী কৰি আৰক্ষীৰ জালত তিনি যুৱক - ULFA cadre surrender

টিংখাঙত আলফাৰ নামত ধনদাবীৰ ঘটনা ৷ আলফাৰ নামত ধনদাবী কৰি আৰক্ষীৰ জালত পৰিল তিনিজন যুৱক ৷ অৱশ্যে যুৱক কেইজন প্ৰকৃত আলফা সদস্য হয় নে নহয় সেয়া আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব (Extortion in the name of ULFA) ৷

Extortion in Dibrugarh
Extortion in Dibrugarh
author img

By

Published : Apr 6, 2023, 1:24 PM IST

ডিব্ৰুগড়, 6 এপ্ৰিল: আলফাৰ নামত ধনদাবী কৰি টিংখাং আৰক্ষীৰ জালত পৰিল তিনিজনকৈ যুৱক ৷ আটকাধীন যুৱক কেইজন ক্ৰমে অৰুণ দাস(27), বিকাশ চেত্ৰী(40) আৰু বিশ্বজিত বৰা(24) (Extortion case in Dibrugarh) ৷ এই তিনি যুৱকৰ বিৰুদ্ধে টিংখাং আৰক্ষীয়ে 42/2023 u/s120 B / 387/506 IPC r/w sec 10/13 UA(P) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত (Extortion in the name of ULFA) ৷

আলফাৰ নামত ধনদাবী কৰা এই তিনি যুৱক প্ৰকৃততে আলফাৰ সদস্য হয় নে নহয় সেয়া বৰ্তমানেও পোহৰলৈ অহা নাই ৷ আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব যুৱক কেইজনৰ আচল পৰিচয় ৷ উল্লেখ্য যে, উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত শেহতীয়াকৈ পোহৰলৈ আহিছে আলফা(স্বাঃ)ৰ দ্বাৰা ধনদাবী কৰা কেইবাটাও ঘটনা ৷ কিছু দিন পূৰ্বে উজনি অসমৰ কেইবাগৰাকীও বিধায়কক নিষিদ্ধ ঘোষিত সংগঠনটোৱে ধনদাবী কৰা বুলি চৰ্চালৈ আহিছিল ৷ কিন্তু বিধায়কক ধনদাবী কৰা বাতৰিক এক বিবৃতিযোগে নস্যাৎ কৰে সংগঠনটোৱে (Extortion by ULFA) ৷

মন কৰিব লগীয়া যে, ডিব্ৰুগড় জিলাত এয়াই প্ৰথম ধনদাবীৰ ঘটনা নহয় ৷ ইয়াৰ পূৰ্বেও জিলাখনত এনেধৰণৰ ধনদাবীৰ ঘটনা সংঘটিত হৈ আহিছে ৷ একাংশই আলফা ভুৱা পেড ব্যৱহাৰ কৰি ধন দাবী কৰি আহিছে ৷ সহজে ধন ঘটাৰ বাবে এই দৰে আলফাৰ নামত ধনদাবী কৰি আহিছে দুষ্ট চক্ৰই (ULFA money demand) ৷

উল্লেখ্য যে, ইতিমধ্যেই উজনি অসমত পুনৰ শক্তিশালীভাৱে আলফা(স্বাঃ)ই আত্মপ্ৰকাশ কৰাৰ তথ্য ৰাজহুৱা হৈছে ৷ কিছুদিন পূৰ্বে আত্মসমৰ্পণ কৰিছিল আলফা কেডাৰ বিক্ৰমজিৎ চেতিয়াই ৷ ডিব্ৰুগড় জিলাৰ নিবাসী আছিল বিক্ৰমজিৎ ৷ তিনিচুকীয়াৰ অসম-অৰুণাচল সীমান্তত চাবুৱা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে বিক্ৰমজিৎ চেতিয়া ওৰফে বিক্ৰম গগৈ ওৰফে ৰণজিৎ অসমে ৷ ২০১৯ চনত আলফাত যোগদান কৰিছিল আলফা কেডাৰ বিক্ৰমজিতে (ULFA cadre surrender) ৷

আনহাতে, ফেব্ৰুৱাৰী মাহত মাৰ্ঘেৰিটাত সেনা-আৰক্ষীৰ সৈতে আলফা (স্বাঃ)ৰ তুমুল সংঘৰ্ষত নিহত হৈছিল আলফা (স্বাঃ)ৰ কেডাৰ উত্তম লাহন ওৰফে উদয় অসম (ULFA cadre killed in Tinsukia) ৷

লগতে পঢ়ক: Youth missing in Tinsukia: বৰডুমচাৰ পৰা সন্ধানহীন যুৱক; আলফা স্বাধীনত যোগদানৰ সন্দেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.