ETV Bharat / state

সোণাৰিত মাৰণাস্ত্ৰসহ‌ তিনি NSCN(IM)ৰ সদস্য আটক - সোণাৰিত NSCNৰ সদস্য আটক

বৃহস্পতিবাৰে সোণাৰিৰ বালিজান চাহ বাগিচাত মাৰণাস্ত্ৰসহ‌ তিনি NSCN(IM)ৰ সদস্যক আটক আৰক্ষীৰ ৷ আটকাধীন সদস্য কেইজনৰ পৰা তিনিটা পিষ্টল, তিনিটা মেগজিন, 3 ৰাউণ্ড সজীৱ গুলি আৰু তিনিটা ম’বাইল ফোন জব্দ কৰা হয় ৷ সম্প্ৰতি সদস্য তিনিজনক জেৰা অব্যাহত ৰাখিছে সোণাৰি আৰক্ষীয়ে ।

nscn-kedars-arrested-at-sonari
NSCN(IM)ৰ সদস্য আটক
author img

By

Published : Jul 22, 2021, 10:55 PM IST

মৰাণ,22 জুলাই : চৰাইদেউ জিলাৰ সোণাৰিত বৃহস্পতিবাৰে মাৰণাস্ত্ৰসহ‌ তিনিজন নগা উগ্ৰপন্থী (Naga Extremist)ৰ সদস্যক আটক কৰিছে আৰক্ষীয়ে ৷ সোণাৰিৰ বালিজান চাহ বাগিচাত চলা এক অভিযানত নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড চমুকৈ NSCN(IM)ৰ তিনি সদস্য আটক হয় ৷ চৰাইদেউ জিলা আৰক্ষী Police) আৰু 12 আছাম ৰাইফলছ (12th Assam Rifles)ৰ ৰেড শ্বীল্ড ডিভিজনৰ যুটীয়া অভিযানত আটক হয় নগা উগ্ৰপন্থীৰ সদস্যকেইজন । আটকাধীন নগা উগ্ৰপন্থীৰ সদস্য কেইজনৰ নাম ক্ৰমে- টিংলু কন্যাক (25), নকেয়ং কন্যাক (25) আৰু য়ানু কন্যাক (24) বুলি জানিব পৰা গৈছে ।

আটকাধীন এজন সদস্য NSCN (K) অৰ্থাৎ খাপলাং পন্থীৰ সদস্য বুলি আৰক্ষীয়ে দাবী সদৰী কৰে ৷ আটকাধীন সদস্য কেইজনৰ ঘৰ নাগালেণ্ডৰ মন জিলাৰ লখুন বস্তিত বুলি জানিব পৰা গৈছে । নগা উগ্ৰপন্থী সদস্য কেইজনৰ পৰা তিনিটা পিষ্টল, তিনিটা মেগজিন, 3 ৰাউণ্ড সজীৱ গুলি আৰু তিনিটা ম’বাইল ফোন জব্দ কৰে আৰক্ষীয়ে ৷

NSCN(IM)ৰ সদস্য আটক

উগ্ৰপন্থীৰ সদস্য কেইজনৰ বিৰgদ্ধে সোণাৰি আৰক্ষী থানাত 144/21 নম্বৰত এক গোচৰ ৰুজু কৰাৰ লগতে ভাৰতীয় দণ্ডবিধি আইনৰ 25(1-A) 35 নং গোচৰত অস্ত্ৰ আইনৰ অধীনত জেৰা অব্যাহত ৰাখিছে সোণাৰি আৰক্ষীয়ে ।

ইফালে, বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ মাজবাটৰ চিকাৰীডাঙত অসম-অৰুণাচল সীমান্তত আত্মসমৰ্পণ কৰে বিদ্ৰোহী সংগঠন নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অৱ বড়োলেণ্ড (NLFB)ৰ মুৰব্বী এম বাথা(M Batha)ই । বাথাৰ সৈতে একেলগে 22 জন কেডাৰেও অসম আৰক্ষী (Assam Police)ৰ সন্মুখত আত্মসমৰ্পণ কৰে । আত্মসমৰ্পণকাৰীসকলৰ ভিতৰত অন্যতম হৈছে দুৰ্ধৰ্ষ নেতা বি বকো ৷

লগতে পঢ়ক : এম বাথাৰ ওভতনি যাত্ৰাত উৎফুল্লিত পত্নী-কন্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.