ETV Bharat / state

শ্বহীদ বেদীত বহি ফেচবুকত ফটো আপলোড কৰি শিক্ষা পালে যুৱকৰ দলে

author img

By

Published : Oct 16, 2021, 8:32 PM IST

চাবুৱাৰ ডিকমত শ্বহীদ বেদীক অপমান ৷ শ্বহীদ বেদীত উঠি তিনিজন যুৱকে সামাজিক মাধ্যম ফেচবুকত আপলোড কৰিছিল ফটো ৷ তাৰ পিছতেই কাণত ধৰি আঁঠু কাঢ়ি অসমবাসীৰ আগত ক্ষমা খুজিলে শ্বহীদক অপমান কৰা তিনিজন যুৱকে ৷ সবিশেষ জানো আহক ৷

Three people insult Swahid vedi of Dikom
শ্বহীদ বেদীত বহি ফেচবুকত ফটো আপলোড কৰি শিক্ষা পালে যুৱকৰ দলে

মৰাণ, 16 অক্টোবৰ : পুনৰ ৰাজ্যত সংঘটিত হৈছে শ্বহীদক অপমানৰ ঘটনা ৷ শেহতীয়াকৈ, ডিব্ৰুগড় জিলাৰ চাবুৱাৰ চাবুৱাৰ ডিকম উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অৱস্থিত শ্বহীদ বেদীক অপমান কৰা দেখা গৈছিল তিনিজনকৈ যুৱকক ৷ জাতিৰ স্বাৰ্থত আত্ম বলিদান দিয়া হোৱা শ্বহীদৰ স্মৃতিত নিৰ্মাণ হোৱা শ্বহীদ বেদীত উঠি সামাজিক মাধ্যমত সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ লক্ষ্যৰে ফটো আপলোড কৰিছিল যুৱক তিনিজনে ৷

শ্বহীদক অপমান কৰা এই ফটো জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকত ভাইৰেল হোৱাৰ পাছতে জাঙুৰ খাই উঠিল অঞ্চলটোৰ সচেতন মহল ৷ তাৰ পিছতেই এই কাণ্ডক লৈ চাবুৱাৰ ডিকমৰ লগতে সমগ্ৰ জিলাখনতেই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় । ইয়াৰ পিছতে বিষয়টোকলৈ সক্ৰিয় হৈ পৰে সদৌ অসম ছাত্ৰ সন্থাৰ চাবুৱা আঞ্চলিক সমিতি ।

চাবুৱা আছুৰ নেতা-কৰ্মীসকলে ছহিদ বেদীক অপমান কৰা তিনিও গৰাকী যুৱক ক্ৰমে সঞ্জয় মাহিলী, দীপ মুণ্ডা আৰু মন্টু মুণ্ডাক শনিবাৰে ঘৰৰ পৰা মাতি নি ডিকমৰ শ্বহীদ বেদী প্ৰাংগনলৈ লৈ যায় ।

ইয়াৰ পিছতে ডিকমৰ শ্বহীদ বেদীৰ প্ৰাংগনত এই কাণ্ডৰ সৈতে জড়িত যুৱক তিনি গৰাকীয়ে আছুৰ প্ৰতিনিধি দলটোৰ সন্মুখতে আঁঠু কাঢ়ি অসমবাসীৰ সন্মুখত শ্বহীদক ক্ষমা খোজে । ইয়াৰ লগতে শ্বহীদ বেদী পৰিস্কাৰ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি নিজৰ ভুল স্বীকাৰ কৰি ভৱিষ্যতে এনে কাম নকৰো বুলি জানিবলৈ দিয়ে ৷ চাবুৱা আঞ্চলিক ছাত্ৰ সন্থায়ো এই ঘটনাৰ পিছত আন কোনো লোককে এনে কাৰ্য পুনৰবাৰ সংঘটিত নকৰাৰ বাবে আহ্বান জনায় ৷
লগতে পঢ়ক : ৰাজনৈতিক দলৰ পিছে পিছে ঘূৰে সদৌ অসম ছাত্ৰ সন্থা : বিমল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.