মৰাণ, ২১ আগষ্ট: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়তো আম আদমী পাৰ্টী চমুকৈ 'আপ'ৰ সংগঠনিক তৎপৰতা দেখিবলৈ পোৱা গৈছে ৷ ইয়াৰ মাজতে দেওবাৰে মৰাণত আয়োজন কৰা হয় আপৰ যোগদান কাৰ্যসূচী(AAP joining Program in Moran)। এই যোগদানে উজনি অসমত আম আদমী পাৰ্টীৰ ক্ৰমাৎ উত্থান হোৱাৰেই ইংগিত দিছে ।
জিলাখনৰ মৰাণ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক লোকে 'আপ'ত যোগদান কৰাক লৈ এতিয়া সমষ্টিটোত চৰ্চা হ'বলৈ ধৰিছে । এই সমষ্টিটোৰ তিলৈ নগৰ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা আপৰ যোগদান কাৰ্যসূচীত কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু বিজেপিৰ বহু নেতা-কৰ্মীয়ে যোগদান কৰে (workers of various political parties joined AAP) ।
সমষ্টিটোৰ পৰা বিশেষকৈ ৰাইজৰ দলৰ হৈ বিগত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা মোহিনী মোহন লিগিৰা আৰু দীৰ্ঘদিন কংগ্ৰেছত থাকি সেৱা আগবঢ়়োৱা ডিব্ৰুগড় জিলা পৰিষদৰ(Dibrugarh Zilla Parishad of congress)প্ৰাক্তন সভাপতি হেম ফুকনে আপত যোগদান কৰা বিষয়টোৱে ৰাইজৰ মাজত চৰ্চা লাভ কৰিছে । ইয়াৰে মোহিনী মোহন লিগিৰাৰ লগত প্ৰায় শতাধিক ৰাইজৰ দলৰ নেতা-কৰ্মীয়ে যোগদান কৰে ।
আনহাতে,কংগ্ৰেছ আৰু ৰাইজৰ দলত বিভিন্ন পদবীত থকা কেইবাজনো নেতা-কৰ্মীয়ে দলটোত যোগদান কৰাৰ পিছতে জিলাখনত আপে লাহে লাহে খোপনি পুতিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰিলে আপৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰভাৰী ৰাজেশ শৰ্মাই । আপৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰভাৰী(AAPs north eastern in charge Rajesh Sharma)আৰু আপৰ অসমৰ সমন্বয়ক ভৱেন চৌধুৰীৰ উপস্থিতিত এই নেতা-কৰ্মীসকলে দলটোত যোগদান কৰে । এই যোগদান কাৰ্যসূচী উজনিত কংগ্ৰেছ আৰু ৰাইজৰ দলত মোক্ষম আঘাত বুলি দাবী কৰিছে আম আদমী পাৰ্টীৰ নেতাসকলে ।
আপৰ যুটীয়া সমন্বয়ক মনোজ ধানোৱাৰৰ উদ্যোগত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীত আপৰ যুৱ শক্তি অসমৰ যুটীয়া সমন্বয়ক বাবুল বিকাশ চেতিয়া,মহিলা শক্তি অসমৰ যুটীয়া সমন্বয়ক অনামিকা দাস, ডিব্ৰুগড় জিলা সমিতিৰ সম্ভূ তাঁতীকে আদি কৰি আপৰ বহু সংখ্যক নেতা-কৰ্মী উপস্থিত থাকে ।
লগতে পঢ়ক:সখী এক্সপ্ৰেছৰ অধীনত ৬,৬৭০ খন স্কুটাৰ বিতৰণ মুখ্যমন্ত্ৰীৰ