ETV Bharat / state

কেনে আছে অসমৰ গ্ৰামাঞ্চলৰ উপ স্বাস্থ্য কেন্দ্ৰ সমহূৰ অৱস্থা ?

author img

By

Published : Aug 23, 2019, 12:30 PM IST

টিংখাঙৰ ধমন আৰু শালমাৰি পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলৰ ৰাইজক সাঙুৰি ২০১৪ চনত ১ কোটি ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ধমন-শালমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নিৰ্মাণৰ তিনি বছৰ উকলি যোৱাৰ পাচতো আজি পৰ্যন্ত নহ'ল মুকলি ৷

কেনে আছে অসমৰ গ্ৰামাঞ্চলৰ উপ স্বাস্থ্য কেন্দ্ৰ সমহূৰ অৱস্থা ?

টিংখাং, 23 আগষ্টঃ আজিও মুকলি নহ'ল ডিব্ৰুগড় জিলাৰ অন্তৰ্গত টিংখাঙৰ ধমন-শালমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৷ টিংখাঙৰ ধমন আৰু শালমাৰি পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলৰ ৰাইজক সাঙুৰি ২০১৪ চনত ১ কোটি ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল উক্ত স্বাস্থ্য কেন্দ্ৰটো ৷ কিন্তু পৰিতাপৰ কথা যে নিৰ্মাণ সম্পূৰ্ণ হোৱা তিনিটা বছৰ উকলি যোৱাৰ পাচতো আজিলৈকে মুকলি নহ'ল স্বাস্থ্য কেন্দ্ৰটো ৷ মাত্ৰ দুগৰাকী ANM কৰ্মচাৰীয়ে অঞ্চলটোৰ ৰাইজক প্ৰদান কৰি আহিছে বিভিন্ন ৰোগৰ চিকিৎসা ৷ উল্লেখযোগ্য যে, অসমৰ গাঁৱে ভূঞে প্ৰায় 4000 উপস্বাস্থ্য কেন্দ্ৰ আছে ৷ গতিকে এনে প্ৰেক্ষাপটত ধমন-শালমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দৰেই অসমৰ আন আন উপ স্বাস্থ্য কেন্দ্ৰতো সংঘটিত হৈ আছে নেকি অনুৰূপ ঘটনা !

Intro:
।।ৰাজ্যৰ স্বাস্থ্য বিভাগৰ টোগলকী কাণ্ড। টিংখাঙত নিৰ্মাণৰ তিনি বছৰ পাচতো মুকলি নহ'ল চিকিৎসালয় । ৰোগীৰ বিচনা , চকী-টেবুল , চিকিৎসাৰ সা-সৰঞ্জাম সকলো সোমাল চিকিৎসালয়ৰ ভিতৰত। চাওক এক প্ৰতিবেদন।

V.Body:ৰাজ্যৰ স্বাস্থ্য খণ্ডত আমোল পৰিবৰ্তনৰ কথা সততে কৈ থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিয়াগোম বিভাগটোত প্ৰকৃততে কি চলিছে। ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এখন চিকিৎসালয়ে উদঙাব বিভাগটোৰ নগ্ন ছৱি। এইখন " ধমন-শালমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ "। টিংখাঙৰ ধমন আৰু শালমাৰি পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলৰ ৰাইজক সাঙুৰি ২০১৪ চনত ১ কোটি ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল চিকিৎসাৰ লয়খন । অঞ্চলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ চিকিৎসালয়খনৰ নিৰ্মাণকাৰ্য ২০১৬ চনতে সমাপ্ত হয়। কিন্তু পৰিতাপৰ কথা যে নিৰ্মাণ সম্পূৰ্ণ হোৱা তিনিটা বছৰ উকলি যোৱাৰ পাচতো আজিলৈকে মুকলি নহ'ল চিকিৎসালয়ৰ দুৱাৰ। চিকিৎসালয়খনত চিকিৎসক-কৰ্মচাৰীৰ আবাসগৃহৰ লগতে পানী যোগান , বিজুলী সংযোগ আদি সকলো হ'ল। ৰোগীৰ বিচনা , চকী-টেবুল , চিকিৎসাৰ সা-সৰঞ্জাম সকলো সোমাল চিকিৎসালয়ৰ ভিতৰত। কিন্তু তিনিটা বছৰে মুকলি কৰিবলৈ সক্ষম নহল। ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন জনোৱা পাছতো গা লৰা নাই স্বাস্থ্য বিভাগৰ।
Conclusion:ইফালে অঞ্চলটোৰ শালমাৰী , গেলা-দিচাং ,লুংলুঙী , ধমন , কদমনি আদি কুৰিখনতকৈ অধিক গাঁৱৰ ৰোগী তথা প্ৰসূতি সকলৰ একমাত্ৰ আশা-ভৰসাৰ স্থল এইটো " ধমন-শালমাৰি এছ/চি স্বাস্থ্য উপকেন্দ্ৰ "। আকাৰত ছাগলীৰ গড়ালহেন কেন্দ্ৰটোৰ ভিতৰত ৰোগী অথবা প্ৰসূতিৰ পৰীক্ষাৰ বাবেও ঠাইৰ অভাৱ। য'ত দুগৰাকী ANM য়ে কোনোমতে চলাই গৈছে নিজৰ দায়িত্ব। যাৰবাবে বাবে অঞ্চলটোৰ ৰোগী-প্ৰসূতি সকলে চিকিৎসাৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰি আহিব লগা হৈছে। তেনে ক্ষেত্ৰত নৱ-নিৰ্মিত চিকিৎসালয় গৃহটো কেতিয়া মুকলি হ'ব সেয়া ৰাইজৰ বাবে লাখটকীয়া প্ৰশ্ন হৈ পৰিছে।

Byte-(1)- চকীদাৰ।
Byte-(2),(3)- স্থানীয় মহিলা।

টিংখাঙৰ পৰা দীপক গগৈ,ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.