মৰাণ, ৭ মে': সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় জিলাতো প্ৰতিদিনে কৰ'ণা মহামাৰীৰ কৱলত পৰিছে ইজনৰ পাচত সিজনকৈ লোক । এইবাৰ থাওৰাৰ নৱ নিৰ্বাচিত বিধায়ক সুশান্ত বৰগোঁহাইও আক্ৰান্ত হৈছে মহামাৰী কৰ'ণাত । বৃহস্পতিবাৰে মহানগৰী গুৱাহাটীৰ পৰা মৰাণস্থিত নিজা বাসগৃহত উপস্থিত হৈছিল বিধায়ক সুশান্ত বৰগোঁহাই । বাসগৃহত উপস্থিত হোৱাৰ পাচতে সুশান্ত বৰগোঁহাইক স্বাস্থ্য পৰীক্ষা কৰোৱায় আৰু পৰীক্ষাত তেওঁৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰে । সম্প্ৰতি তেওঁ হোম আইছ'লেচনত আছে ।
অসমৰ ক'ভিড পৰিস্থিতি ক্ৰমাৎ জটিলৰ পৰা অধিক জটিলতাৰ দিশে গতি কৰিছে । ৰাজ্যখনত বিগত ২৪ ঘণ্টাত ৪৬ গৰাকী লোকে ক'ভিডত প্ৰাণ হেৰুৱাইছে । মিনি লকডাউন দিয়াৰ পাছতো ক'ভিডৰ সংক্ৰমণ ৰোধ হোৱা নাই ৰাজ্যত । বিগত ২৪ ঘণ্টাত ৰাজ্যত ৪,৯৩৬ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ২,৯৭৬ গৰাকী ৰোগী সুস্থ হৈ উঠিছে । উল্লেখ্য যে, ৰাজ্যত কৰ'ণা আক্ৰান্তৰ হাৰ ৮.০৪ শতাংশলৈ বৃদ্ধি পাইছে । বৰ্তমান ৰাজ্যত সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা ৩১,৮২৯ গৰাকী । ইফালে বিগত ২৪ ঘণ্টাত ৬১,৩৭৭ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল । সম্প্ৰতি ৰাজ্যখনত ১৫৩১ গৰাকী লোকৰ কৰ'ণাত মৃত্যু হৈছে । সৰ্বসাধাৰণ ৰাইজ সজাগ-সচেতন নহ'লে কৰ'ণা আৰু অধিক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব ৰাজ্যবাসী ।