ETV Bharat / state

Protest in Dibrugarh: জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও টেট শিক্ষকৰ

author img

By

Published : Jun 3, 2023, 4:19 PM IST

ডিব্ৰুগড় জিলাত প্ৰাপ্য দৰমহা বিচাৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত টেট শিক্ষকৰ ৷ শুকুৰবাৰে টেট উত্তীৰ্ণ ঠিকাভিত্তিত শিক্ষক সমাজে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে (TET qualified teachers protest ) ৷

TET qualified teachers protest in Dibrugarh
জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও টেট শিক্ষকৰ

মৰাণ, 3 জুন : ডিব্ৰুগড় জিলা মিছন সমন্বয়কৰ কাৰ্যালয়ত চৰম অৰাজকতা। বিভাগীয় গাফিলতি আৰু অৰাজকতাৰ ফলত জীয়াতু ভুগিছে টেট উত্তীৰ্ণ শিক্ষকসকলে (TET qualified teachers protest)। বিভাগীয় গাফিলতিৰ বাবেই সময়মতে প্ৰাপ্য দৰমহা লাভ নকৰাৰ অভিযোগ শিক্ষকসকলৰ (Protest in Dibrugarh)৷

সেইবাবে আজি অৰ্থাৎ 3 মে’ ত টেট উত্তীৰ্ণ ঠিকাভিত্তিত শিক্ষক সমাজে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কিৰি ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে ৷ ক্ষোভিত শিক্ষকসকলে বিভিন্ন শ্লোগানেৰে কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰি কয় যে কালি অৰ্থাৎ 2 জুন তাৰিখে ডিব্ৰুগড় জিলাক বাদ দি সকলো জিলাতে টেট শিক্ষকসকলৰ দৰমহা সোমাইছে ৷ ডিব্ৰুগড় জিলাৰ শিক্ষা বিভআগৰ চৰম হেমাহি আৰু গাফিলতিৰ বাবেই এতিয়ালৈ জিলাখনৰ শিক্ষকসকলে দৰমহা লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে (TET teachers protest for salary) ৷ শিক্ষা বিভাগত অনাগত তিনিদিনৰ ভিতৰত প্ৰাপ্য দৰমহা প্ৰদান কৰিবলৈ সক্ষম নহ’লে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী শিক্ষকসকলে ৷

ডিব্ৰুগড় জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি জান্টু পহুচুঙী আৰু সম্পাদক চৈতন্য কোঁৱৰৰ নেতৃত্বত ৰূপায়ণ হোৱা প্ৰতিবাদী কাৰ্যসূচীত শতাধিক টেট উত্তীৰ্ণ ঠিকাভিত্তিত শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। ইফালে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ডিব্ৰুগড় জিলা মিছন সমন্বয়ক বন্তি শৰ্মাৰ জৰিয়তে জিলা উপায়ুক্তলৈ এখন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে। এই স্মাৰকপত্ৰখনত উল্লেখ থকা অনুসৰি অতীজৰে পৰা ডিব্ৰুগড় জিলাৰ টেট উত্তীৰ্ণ শিক্ষকসকলক বঞ্চনা কৰি আহিছে, শিক্ষকসকলক 22 মাহৰ বকেয়া প্ৰদান কৰা হোৱা নাই, বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবী উত্থাপন কৰে ৷

উল্লেখযোগ্য যে, কেইদিনমানৰ পূৰ্বে সৰ্বশিক্ষাৰ ৩০ লাখ টকীয়া বিত্তীয় কেলেংকাৰীৰ অন্যতম অভিযুক্ত বিত্তীয় গাণনিক বিষয়া গিয়াছ আলী আৰু গাণনিক বন্তি গগৈক গ্ৰেপ্তাৰ কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে।

লগতে পঢ়ক: Protest in Merapani: মেৰাপানী সীমান্তৰ সমস্যা সমাধানৰ দাবী অজাযুছাপৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.