মৰাণ,11 মাৰ্চ: ৰাজ্যৰ ভিন্ন স্থানত বৰ্তমানেও অব্যাহত বন্যহস্তী আৰু মানুহৰ মাজত সংঘাত ৷ সংকুচিত বনাঞ্চল আৰু বনৰীয়া জীৱৰ খাদ্যৰ অভাৱেই হৈছে এই বন্যপ্ৰাণী আৰু মানৱকূলৰ মাজত চলি অহা সংঘাতৰ মূল কাৰণ ৷ জীৱ শ্ৰেষ্ঠ মানৱে বনাঞ্চল ধ্বংস কৰি অহাৰ বাবেই ৰাজ্যখনৰ ভিন্ন প্ৰান্তত সঘনে বন্যহস্তী আৰু মানুহৰ এখন ৰণ চলি অহা দেখা গৈছে ৷ একেদৰে মৰাণৰ চেঁচা নগাঁৱতো অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ । বুধবাৰে নিশা দুটা বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি উপদ্ৰৱ চলায় অঞ্চলটোত ।
নিশা উপদ্ৰৱ চলোৱা বন্যহস্তীয়ে অঞ্চলটোৰ বিৰেণ বৰুৱা নামৰ লোকজনৰ ঘৰত প্ৰৱেশ কৰি ঘৰ-দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে বহু আচবাবো নষ্ট কৰে ৷ দীৰ্ঘদিনৰ পৰা অঞ্চলটোৰ ৰাইজে বন বিভাগক অৱগত কৰি আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ উল্লেখ্য যে, মৰাণ সমষ্টিৰ লেজাই কলাখোৱাতো প্ৰতিবছৰে বনৰীয়া হাতীয়ে ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰি আহিছে ৷
লগতে পঢ়ক: প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতত জুৰুলা নগাঁও কংগ্ৰেছঃ জ্বলিল বেনাৰ,হ'ৰ্ডিং