ETV Bharat / state

ডিকমত একেদিনাই দুখনকৈ মটৰ চাইকেল চুৰি

author img

By

Published : May 27, 2021, 1:04 PM IST

ডিকমৰ মদাৰখাত গোঁহাই গাঁৱত একেদিনাই দুখনকৈ মটৰ চাইকেল চুৰি কৰা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনা সন্দৰ্ভত বাইকৰ গৰাকীয়ে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷

terror-of-thief-at-dikom
ডিকমত একেদিনাই দুখনকৈ মটৰ চাইকেল চুৰি

মৰাণ,27 মে’: ক'ভিড আতংকৰ মাজতে ডিব্ৰুগড় জিলাৰ বিভিন্ন ঠাইত চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে । মঙলবাৰে নিশা ডিকম আৰক্ষী চকীৰ অন্তৰ্গত মদাৰখাত গোঁহাই গাঁৱত চোৰে দুখনকৈ মটৰ চাইকেলৰ তলা ভাঙি চুৰি কৰি লৈ যায় । বিশ্বজিৎ দত্ত নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা AS 23 P 9504 নম্বৰৰ চুপাৰ স্প্লেণ্ডাৰ আৰু প্ৰশান্ত দাস নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা ২০০ এনএচিচি AS O6 P 7630 নম্বৰ পালচাৰ বাইকখন চুৰি কৰে চোৰে ৷

terror-of-thief-at-dikom
ডিকমত একেদিনাই দুখনকৈ মটৰ চাইকেল চুৰি

ইতিমধ্যে বাইক দুখনৰ গৰাকীয়ে থানাত এজাহাৰ দাখিল কৰিছে । এজাহাৰ দাখিলৰ পাছতে ডিকম আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত আৰম্ভ কৰিছে বুলি আৰক্ষী বিষয়াই জানিবলৈ দিছে । উল্লেখ্য যে, সান্ধ্য আইনৰ সুযোগ লৈ একাংশই এই চুৰি কাৰ্য সম্পন্ন কৰিছে ।

লগতে পঢ়ক : মহামায়া বনাঞ্চলত বিৰল প্ৰজাতিৰ শগুণ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.