ডিব্ৰুগড়, 2 আগষ্ট : নাহৰকটীয়া নগৰৰ মাজমজিয়াত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Naharkatia) । মঙলবাৰে বিয়লি সংঘটিত হোৱা এই পথ দুৰ্ঘটনাই কঁপাই গ’ল সমগ্ৰ নাহৰকটীয়া চহৰ । আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, দুলীয়াজানৰ দিশৰ পৰা আহি থকা AS-23K-1919 নম্বৰৰ তীব্ৰ বেগী i20 বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই নাহৰকটীয়া নগৰৰ কছাৰী গাঁৱৰ সমীপত পথৰ কাষত ৰখাই থোৱা তিনিখনকৈ বাহনত তীব্ৰ বেগত খুন্দা মাৰে ৷
লগতে উক্ত বাহনখনে বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত দুগৰাকী চাইকেল আৰোহী ছাত্ৰীক খুন্দা মাৰি উফৰাই পঠায় । i20 বাহনখন ইমানেই তীব্ৰ বেগত খুন্দা মাৰে যে পথত ৰখাই থোৱা AS-06AD-4775 নম্বৰৰ বেলেন’ আৰু AS-01M-6466 নম্বৰৰ মাৰুতি ভেনখনৰ সন্মুখভাগ সম্পূৰ্ণ ৰূপে বিধ্বস্ত হৈ পৰে ।
ইফালে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে পুনম নিৰ্মলীয়া আৰু দীপশিখা নিৰ্মলীয়া নামৰ দুই চাইকেল আৰোহী ছাত্ৰী ।ইতিমধ্যেই দুই ছাত্ৰীক প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় । উল্লেখ্য যে, এই দুৰ্ঘটনা সংঘটিত কৰা i20 বাহনখনে দুলীয়াজানৰ পৰা দিল্লী পাব্লিক স্কুলৰ পৰা চাৰিগৰাকী ছাত্ৰীক কঢ়িয়াই আনিছিল ।
বাহনখনত থকা শ্ৰেয়েছ ৰামাৱত, অনন্যা ৰামাৱত গীৰিত আগৰৱাল নামৰ আন তিনিগৰাকী ছাত্ৰ-ছাত্ৰী কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয় । ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ চালক জ্যোতিষ জয়ছোৱালক নাহৰকটীয়া আৰক্ষীয়ে আটক কৰিছে ।
লগতে পঢ়ক : Miscreants attack truck in Dhubri : ধুবুৰীত ট্ৰাকত আক্ৰমণ দুৰ্বৃত্তৰ, ন্যায় বিচাৰি প্ৰতিবাদ ট্ৰাক চালকৰ