চাবুৱা, 9 ছেপ্টেম্বৰ: চাবুৱাত সাম্প্ৰদায়িক বিষবাষ্পৰ ভয়াৱহ ৰূপ পোহৰলৈ আহিছে ৷ অসবৰ্ণ বিয়া কৰোৱাৰ বাবেই বিগত দহ বছৰে সমাজে এঘৰীয়া কৰি ৰাখিছে চাবুৱাৰ চেতিয়া গাঁৱৰ এটি পৰিয়ালক (Terrible form of communal poison in Chabua) ৷
যি সময়ত মানৱ জাতিয়ে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উচ্চ শিখৰত আৰোহন কৰিছে, যি সময়ত মানৱ জাতিয়ে নিজকে জীৱশ্ৰেষ্ঠ বুলি দাবী কৰে সেই সময়তো অসমৰ বহু সংখ্যক গাঁৱত জাত-পাতৰ নামত সাম্প্ৰদায়িক বিষবাষ্প প্ৰবাহিত হৈ সমাজ কলুষিত হৈ আছে ।
বিগত কিছুদিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত সমাজে কিছুসংখ্যক পৰিয়ালক এঘৰীয়া কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হৈ অহাৰ সময়তে চাবুৱাতো সংঘটিত হৈছে অনুৰূপ ঘটনা ৷
সমাজৰ একাংশ মানুহৰূপী অমানুহৰ ধৰ্মীয় গোড়ামীৰ বলি এটা নিৰ্দোষী পৰিয়াল ৷ পৰিয়ালটোৰ অপৰাধ হ'ল কৈৱৰ্ত সম্প্ৰদায়ৰ এগৰাকী যুৱতীক বিয়া কৰোৱা ৷ মটক সম্প্ৰদায়ৰ যুৱকে কৈৱৰ্ত সম্প্ৰদায়ৰ এগৰাকী যুৱতীক বিয়া কৰোৱাৰ বাবেই বিগত দহ বছৰে সমাজে এঘৰীয়া কৰি ৰাখিছে চাবুৱাৰ চেতিয়া গাঁৱৰ এটি পৰিয়ালক ৷ যুৱকজনৰ নাম হীৰকজ্যোতি ফুকন । 2013 চনতেই যুৱকজন বিবাহপাশত আবদ্ধ হৈছিল কৈৱৰ্ত সম্প্ৰদায়ৰ এগৰাকী যুৱতীৰ সৈতে ।
তাৰ পাছতেই 2013 চনৰ পৰা বৰ্তমান সময়লৈকে সুদীৰ্ঘ দহটা বছৰেই তথাকথিত সমাজখনে এঘৰীয়া কৰি ৰাখিছে হীৰকজ্যোতি ফুকনৰ পৰিয়ালটোক। আনকি হীৰকজ্যোতি ফুকনৰ ককাকৰ মৃত্যু হোৱাত হীৰকজ্যোতিৰ পিতৃৰ হাতেৰে ককাকৰ দেহটো মুখাগ্নি কৰিবলৈও নিদিলে নিষ্ঠুৰ সমাজখনে । উল্লেখ্য যে 2013 চনৰ পৰা ভুক্তভোগী পৰিয়ালটোৰ বাসগৃহত আয়োজন কৰা কোনো সামাজিক অথবা মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰা নাই সমাজখনে ।
আনকি তেওঁলোকৰ পুত্ৰৰ সুদি অনুষ্ঠানতো অংশ নল'লে সমাজৰ কোনো লোকে । ফলত এতিয়া তীব্ৰ মানসিক অশান্তিত দিন কটাবলগীয়া হৈছে পৰিয়ালটোৱে ৷ অৱশেষত উপায়ন্তৰ হৈ দীৰ্ঘদিনৰ পৰা সমাজৰ পৰা এঘৰীয়া হৈ থকা হীৰকজ্যোতি, হীৰকজ্যোতিৰ পিতৃ আৰু পত্নীয়ে শুকুৰবাৰে কান্দি কান্দি সংবাদ মাধ্যমৰ আগত সকলো কথা অৱগত কৰি ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা সহায় ভিক্ষা বিচাৰে।
এইসমূহ ঘটনাই আচলতে সমাজত আজিও শিপাই থকা অন্ধবিশ্বাস আৰু গোড়ামীৰ চিন্তাক ভালদৰে পৰিস্ফুট কৰিছে ।
লগতে পঢ়ক: কীৰ্তন ঘোষাৰ আৰ্হি সন্নিবিষ্ট পুন:মুদ্ৰিত গ্ৰন্থ উন্মোচন