ETV Bharat / state

মৰাণত টিম "ৰত্নাকৰ"ৰ প্ৰচাৰ

টিমটোক সংগ দিয়ে জনপ্ৰিয় কন্ঠ শিল্পী বিপিন চাউদাঙে ৷ ছবিখন সকলোকে উপভোগ কৰিবলৈ আহ্বান পৰিচালক যতীন বৰাৰ ৷

মৰাণত টিম "ৰত্নাকৰ"ৰ প্ৰচাৰ
author img

By

Published : Sep 25, 2019, 3:38 AM IST

Updated : Sep 25, 2019, 8:43 AM IST

মৰাণ, 25 ছেপ্তেম্বৰ: ক্ৰমাৎ ভাল দিন আহিবলৈ ধৰিছে অসমীয়া বোলছবি জগতলৈ ৷ ইখনৰ পিছত সিখন অসমীয়া চলচ্চিত্ৰই সমৃদ্ধ কৰি তুলিছে অসমীয়া ছবিজগত ৷ ইতিমধ্যে মুক্তি লাভ কৰা জুবিন গাৰ্গৰ "কাঞ্চনজংঘা" আৰু ৰিমা দাসৰ "বুলবুল কেন চিং" ৰ পিছত পুনৰ 11 অক্টোবৰত অসমৰ প্ৰতিটো ছবিগৃহতেই মুক্তি লাভ কৰিব জনপ্ৰিয় অভিনেতা যতীন বৰাই পৰিচালনা কৰা "ৰত্নাকৰ" ছবিখনে ৷

মৰাণত টিম "ৰত্নাকৰ"ৰ প্ৰচাৰ

ইতিমধ্যে "ৰত্নাকৰ" ছবিখনৰ প্ৰচাৰৰ বাবে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে ঘূৰিছে টীম ৰত্নাকৰ ৷ মঙলবাৰে ছবিখনৰ প্ৰচাৰৰ বাবে মৰাণ মহাবিদ্যালয়ত উপস্থিত হয় পৰিচালক যতীন বৰা,অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ লগতে টীম ৰত্নাকৰৰ বহুকেইগৰাকী কলাকৌশলী ৷ উল্লেখ্য যে মৰাণত টীম 'ৰত্নাকৰ'ক সংগ দিয়ে জনপ্ৰিয় শিল্পী বিপিন চাউদাঙে ৷ মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়ত্ৰী সকলৰ সৈতে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত 11 অক্টোবৰত অসমৰ সমূহ ছবিগৃহতে শুভমুক্তি লাভ কৰিবলগীয়া ছবিখন সকলোৱে সকলোকে উপভোগ কৰিবলৈ আহ্বান জনাই পৰিচালক যতীন বৰা আৰু অভিনেত্ৰী বৰষা ৰাণী বিষয়াই ৷

Intro:
ক্ৰমাৎ ভাল দিন আহিব ধৰিছে অসমীয়া বোলছবি জগতলৈ । ইখনৰ পিছত সিখন অসমীয়া চলচ্চিত্ৰই উপচাই তুলিছে অসমীয়া ছবিজগত। ইতিমধ্যে মুক্তি লাভ কৰা জুবিন গাৰ্গৰ কাঞ্চনজংঘা, ৰিমা দাসৰ বুলবুল কেন চিং ৰ পিছত পুনৰ ১১ অক্টোবৰত অসমৰ প্ৰতিটো ছবিগৃহতেই মুক্তি লাভ কৰিব অসমীয়া জনপ্ৰিয় অভিনেতা যতীন বৰা পৰিচালনা কৰা "ৰত্নাকৰ"। ইতিমধ্যে "ৰত্নাকৰ" ছবিখনৰ প্ৰচাৰৰ বাবে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে ঘুৰিছে টীম ৰত্নাকৰ। আজি মৰাণ মহাবিদ্যালয়ত উপস্থিত হয় পৰিচালক যতিন বৰা, অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ লগতে টীম ৰত্নাকৰৰ বহুকেইগৰাকী কলাকৌশলী। মৰাণত আজি টীম 'ৰত্নাকৰ'ক সংগ দিয়ে জনপ্ৰিয় শিল্পী বিপিন চাউদাঙে । মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী সৈতে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ১১ অক্টোবৰত অসমৰ সমূহ ছবিগৃহতে শুভমুক্তি লাভ কৰিবলৈ লোৱা ছবিখন সকলোৱে উলাই আহি উপভোগ কৰিবলৈ আহ্বান পৰিচালক যতীন বৰাৰ আৰু অভিনেত্ৰী বৰষা ৰাণী বিষয়াই ।

Body: ঐConclusion:ঐ
Last Updated : Sep 25, 2019, 8:43 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.