ETV Bharat / state

টাইপাৰ মোমাই তামুলী বৰবৰুৱা বঁটা ঘোষণা - টাইপাৰ মোমাই তামুলী বৰবৰুৱা বঁটা ঘোষণা

উল্লেখ্য যে, আহােম ৰাজত্ব কালৰ সােণালী দিনবােৰৰ বিভিন্ন দিশ বিশ্লেষণ কৰিলে সেই সময়ৰ বৰবৰুৱা পদবী আজিৰ মুখ্য সচিব। এই পদবী পােৱা প্রথমজন বিষয়াই আছিল মোমাই তামুলী বৰবৰুৱা। তেখেতৰ ঘৰৰ অৱস্থা আর্থিকভাবে টনকীয়াল নাছিল যদিও তেখেত অতি পৰিশ্ৰমী আছিল। নিজ দক্ষতাৰ বলত বৰবৰুৱা পদবী লাভ কৰিবলৈ সক্ষম হৈছিল ।

TAIPA
টাইপাৰ মোমাই তামুলী বৰবৰুৱা বঁটা ঘোষণা
author img

By

Published : Aug 29, 2020, 7:01 PM IST

ডিব্ৰুগড়, 29 আগষ্টঃ ডিব্ৰুগড়ত টাই আহােম যুৱ পৰিষদ, অসম ডিব্ৰুগড় জিলা সমিতিয়ে প্রতি বছৰে অসমৰ এজন বিশিষ্ট ব্যক্তিক মােমাই তামুলী বৰবৰুৱা নামেৰে এক বিশেষ বঁটা প্রদান কৰি আহিছে । এইবেলিও পৰিস্থিতি কিছু সাধাৰণ হোৱাৰ পাছত এগৰাকী বিশেষ ব্যক্তিক 2 আঘোণত এই বঁটা প্রদান কৰা হ'ব বুলি শনিবাৰে এক সংবাদ মেলৰ জৰিয়তে জানিবলৈ দিয়ে টাইপাই ।

লগতে পঢ়কঃ বিগত 44 বছৰৰ ভিতৰত আগষ্ট মাহত হৈছে 25 শতাংশ অধিক বৰষুণ

উল্লেখ্য যে, আহােম ৰাজত্ব কালৰ সােণালী দিনবােৰৰ বিভিন্ন দিশ বিশ্লেষণ কৰিলে সেই সময়ৰ বৰবৰুৱা পদবী আজিৰ মুখ্য সচিব । এই পদবী পােৱা প্রথমজন বিষয়াই আছিল মোমাই তামুলী বৰবৰুৱা । তেখেতৰ ঘৰৰ অৱস্থা আর্থিকভাবে টনকীয়াল নাছিল যদিও তেখেত অতি পৰিশ্ৰমী আছিল। নিজ দক্ষতাৰ বলত বৰবৰুৱা পদবী লাভ কৰিবলৈ সক্ষম হৈছিল । বুঢ়াগোঁহাই , বৰগোঁহাই আৰু বৰপাত্র গোঁহাইৰ অধীনত নথকা অঞ্চলবােৰৰ দায়িত্ব স্বৰ্গদেৱে মোমাই তামুলী বৰুৱাক দিছিল । তেতিয়াৰ দিনতে প্রণালীবদ্ধভাৱে গছ পুলি ৰোৱা কাৰ্য মোমাই তামুলী বৰবৰুৱাই আৰম্ভ কৰিছিল।

টাইপাৰ মোমাই তামুলী বৰবৰুৱা বঁটা ঘোষণা

হেৰাই যােৱা গাঁৱৰ অর্থনীতিৰ বুনিয়াদী নতুনকৈ গঢ় দিবলৈ, আমাৰ হেৰাই যোৱা কর্ম সংস্কৃতি ঘূৰাই আনিবলৈ বৰ্তমান তেখেতৰ দৰে আমাক এজন মোমাই তামুলী বৰবৰুৱাৰ দৰকাৰ বুলি আজি সংবাদমেলত ঘোষণা কৰে সংগঠনটোৰ বিষয়ববীয়াই । বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত আয়োজিত সংবাদ মেলত ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ৰাণা ৰঞ্জন গগৈ, কেন্দ্ৰীয় যুটীয়া সম্পাদক দ্বীপজ্যোতি দুৱৰা, ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদক উপস্থিত থাকে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.