ETV Bharat / state

Assam Taekwondo coach died: হায়দৰাবাদত পথ দুৰ্ঘটনাত টাইকোৱাণ্ডো প্ৰশিক্ষক দিগন্ত বৰাৰ মৃত্যু

author img

By

Published : Feb 24, 2023, 12:53 PM IST

হায়দৰাবাদত পথ দুৰ্ঘটনাত পতিত হৈ অসমৰ ক্ৰীড়াবিদৰ দিগন্ত বৰাৰ মৃত্যু ৷ অসম দলৰ টাইকোৱাণ্ডো প্ৰশিক্ষক আছিল দিগন্ত বৰা ৷ অসমৰ এটা দল লৈ হায়দাৰাবাদত ৰাষ্ট্ৰীয় কেডেট টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে গৈছিল দিগন্ত (Taekwondo coach Diganta Bora) ৷

Assam Taekwondo coach died
হায়দৰাবাদত পথ দুৰ্ঘটনাত টাইকোৱাণ্ডো প্ৰশিক্ষক দিগন্ত বৰাৰ মৃত্যু

ডিব্ৰুগড়, 24 ফেব্ৰুৱাৰী: অসমৰ ক্ৰীড়া জগতৰ বাবে এটা দুঃসংবাদ ৷ বহিঃৰাজ্যত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ গৈ মৃত্যু অসমৰ ক্ৰীড়া প্ৰশিক্ষকৰ ৷ হায়দৰাবাদত পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় অসম দলৰ টাইকোৱাণ্ডো প্ৰশিক্ষক দিগন্ত বৰাৰ (Taekwondo coach Diganta Bora died) ৷

উল্লেখ্য যে, হায়দৰাবাদত শুকুৰবাৰ অৰ্থাৎ আজিৰ পৰা অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় কেডেট টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ (Cadet Taekwondo Championship) ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অসমৰ 3 গৰাকী খেলুৱৈক লৈ হায়দৰাবাদলৈ গৈছিল প্ৰশিক্ষক দিগন্ত বৰা ৷ কিন্তু প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বেই ঘটিল এই অনাকাংক্ষিত ঘটনা ৷ বুধবাৰে এখন বাছৰ খুন্দাত মৃত্যুক সাৱটি লয় অসম দলৰ টাইকোৱাণ্ডো প্ৰশিক্ষক দিগন্ত বৰাই (Diganta Bora killed in Road accident) ৷

নৈশ আহাৰ গ্ৰহণ কৰাৰ পাচত পুনৰ হোটেললৈ উভতি অহাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো ৷ পথ অতিক্ৰম কৰাৰ সময়তে তীব্ৰবেগী বাছখনে মহতিয়াই নিয়ে দিগন্ত বৰাক (Road accident in Hyderabad) ৷ ফলত অতি গুৰুতৰভাৱে আহত হয় প্ৰশিক্ষকগৰাকী ৷ দুৰ্ঘটনাৰ পাচতেই ততাতৈয়াকৈ দিগন্ত বৰাক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও তেওঁক মৃত ঘোষণা কৰে ৷

প্ৰশিক্ষকগৰাকীৰ অকাল মৃত্যুত এতিয়া অসমৰ ক্ৰীড়া ক্ষেত্ৰত পৰিছে শোকৰ ছাঁ ৷ ডিব্ৰুগড় জিলাৰ খনীয়া গাঁৱৰ নিবাসী আছিল দিগন্ত বৰা ৷ অকাল মৃত্যুক সাৱটি ল’ব লগা হোৱা দিগন্ত বৰাই এৰি থৈ গৈছে পিতৃ- মাতৃ, দুই ভাতৃ, পত্নী আৰু এগৰাকী কন্যা ৷ তেওঁৰ মৃত্যুত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা, ডিব্ৰুগড় জিলা টাইকোৱাণ্ডো সন্থা, টাইকোৱাণ্ডো একাডেমি, ডিব্ৰুগড় জিলা জুডো সংস্থা, ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়া সঞ্জীৱ উপাধ্যায়, মহকুমা ক্ৰীড়া বিষয়া বিমল চন্দ্ৰ গগৈ, জিলা কাৰাটে সংস্থা, মিলন জ্যোতি সংঘ, জেউতি মৰল সংঘ, অসমী সংঘকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে (Diganta Bora died in road accident) ।

ডিব্ৰুগড় টাইকোৱাণ্ড একাডেমীৰো তেওঁ আছিল মুখ্য প্ৰশিক্ষক । সমৰ কলাৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ থকা দিগন্ত বৰা আছিল সমৰ কলাৰ এগৰাকী সু-নিপুণ খেলুৱৈ । তেওঁৰ তত্বৱধানতে অসম দলটোৱে এইবাৰ প্ৰতিযোগিতাখনত সফলতা লাভ কৰিব বুলি আশা কৰা হৈছিল ।

তেওঁৰ মৃত্যুত কেৱল অসমৰ টাইকোৱাণ্ডো ক্ষেত্ৰখনেই নহয়, সামগ্ৰীকভাৱে সমৰকলা আৰু অসমৰ ক্ৰীড়া ক্ষেত্ৰত শোকৰ ছাঁ পৰিছে । ইতিমধ্যে বৃহস্পতিবাৰে দিগন্ত বৰাৰ ভাতৃ গৈ হায়দৰাবাদত উপস্থিত হৈছে । আজি তেওঁৰ মৃতদেহ ডিব্ৰুগড় আহি পোৱা সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Road accident in Sonitpur: শোকাৱহ ! পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে 5 বন্ধুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.