মৰাণ, 7 নৱেম্বৰঃ ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা আৰু টিংখাং বিধানসভা সমষ্টিৰ সীমাত অৱস্থিত খোৱাঙত ধোৱাঁচাঙত উঠিল স্বচ্ছ ভাৰত আচঁনি । দুজনকৈ বিধায়কৰ সমষ্টিৰ ৰাইজে ব্যৱহাৰ কৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগে খোৱাঙত কেইটামান বছৰৰ আগতে নিৰ্মাণ কৰিছিল এটা ৰাজহুৱা শৌচালয় । নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ এটা বছৰৰ পাছত ৰাইজৰ আবেদন নিবেদনৰ পাছত যোৱা বৰ্ষত জনস্বাস্থ্য কাৰিকৰী বিভাগে মুকলি কৰি দিছিল শৌচালয়টো ।
অত্যাধুনিক শৌচালয়টোত সকলো সু-ব্যৱস্থা থকাৰ পাছতো বিভাগীয় বিষয়াসকলৰ অৱহেলাৰ বাবে আজি পৰ্যন্ত বিদ্যুৎ যোগান নধৰিলে শক্তি বিভাগে । ফলত পানীৰ ব্যৱস্থা নথকাত কদৰ্যময় হৈ পৰিল শৌচালয়টো । এতিয়া স্বচ্ছ ভাৰত আঁচনি ৰূপায়ণৰ বাবে নিৰ্মাণ হোৱা শৌচালয়টো হৈ পৰিছে ডাষ্টবিন ।
মৰাণ আৰু টিংখাঙৰ দুজন বিধায়কক বিষয়টো বহুবাৰ অৱগত কৰাৰ পাছতো আজি পৰ্যন্ত শৌচালয়টো কাৰ্যক্ষম কৰি তুলিবলৈ কোনো ব্যৱস্থা নকৰিলে । ফলত অত্যাধুনিক শৌচালয়টো কাৰ্যক্ষম হৈ নথকাত সামগ্ৰী সমূহ নষ্ট হোৱাৰ উপক্ৰম হৈছে ।
লগতে চাওকঃ একাংশৰ বাবে সোণৰ কণী পৰা হাঁহ হৈছে নেকি অৰুণোদয় আঁচনি !