ডিব্ৰুগড় , ২২ জানুৱাৰী : যোৱা বুধবাৰে আমিনগাঁওত নৱৰূপত স্বয়ম আঁচনি শুভাৰম্ভ কৰিছিল অসমৰ মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ইয়াৰ পিছতে স্থানীয় উদ্যোগ আৰু গ্ৰাম্য অৰ্থনীতিৰ সবলীকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে হাতত লোৱা স্বয়ম আঁচনি ডিব্ৰুগড় জিলাতো শুভাৰম্ভ কৰা হয় । ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ (স্বতন্ত্ৰ) মন্ত্ৰী যোগেন মহনে শুকুৰবাৰে ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত নৱৰূপত স্বয়ম-স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ যোজনাৰ হিতাধিকাৰী সকললৈ চেক বিতৰণেৰে আঁচনিৰ শুভাৰম্ভ কৰে ৷

উল্লেখ্য যে ডিব্ৰুগড় জিলাত এই আঁচনিৰ জৰিয়তে মুঠ ১০ হাজাৰ ৫৫৫ গৰাকী যুৱক যুৱতীয়ে সাহাৰ্য লাভ কৰিছে । এই আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ আত্মসহায়ক গোট, যৌথ দায়বদ্ধ গোট, কৃষি উৎপাদনকাৰী সংস্থা, পুঞ্জ পৰ্যায়ত এছ পি ভি বা সংস্থাৰ ২ লাখ হিতাধিকাৰীক সামৰি লোৱাৰ লক্ষ্য স্থিৰ কৰিছে । যাৰ ভিতৰত ১.৩৯ লাখ হিতাধিকাৰীক ইতিমধ্যে বাছনি কৰা হৈছে । বাছনি হোৱা হিতাধিকাৰীসকলক চৰকাৰৰ তৰফৰ পৰা দুটা কিস্তিত ৫০ হাজাৰ টকাৰ প্ৰাৰম্ভিক পুঁজি আগবঢ়োৱা হ'ব ৷

ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত বিধায়ক প্ৰশান্ত ফুকন, লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰী, জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগীৰ লগতে বহু বিশিষ্ট ব্য়ক্তি উপস্থিত থাকে ।
লগতে পঢ়ক :বকোৰ লামপাৰাত বিজ্ঞান সমাৰোহ