ETV Bharat / state

থাওৰাত সুশান্ত বৰগোঁহাই জয়ী হোৱাতো নিশ্চিত : যোগেন মহন - সুশান্ত বৰগোঁহাইক লৈ যোগেন মহনৰ মন্তব্য

‘‘উপ নিৰ্বাচনত(By Election)6 টা সমষ্টিতে বিজেপিয়ে বিপুল ভোটত জয়লাভ কৰাৰ লগতে থাওৰা সমষ্টিত(Thowra Constituency) সুশান্ত বৰগোঁহাই(Sushanta Borgohain) জয়ী হোৱাতো নিশ্চিত’’ ৷ এই মন্তব্য মন্ত্ৰী যোগেন মহনৰ(Jogen Mohan) ৷ থাওৰাবাসী ৰাইজে উন্নয়ন বিচৰা হেতুকে চৰকাৰে সমষ্টিটোৰ সকলোবোৰ পথৰ আধাৰশিলা স্থাপন কৰা বুলিও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ৷

minister jogen mohan talks about sushanta borgohain
সুশান্ত বৰগোঁহাইক লৈ যোগেন মহনৰ মন্তব্য
author img

By

Published : Sep 16, 2021, 1:14 PM IST

মৰাণ, 16 ছেপ্তেম্বৰ : ৰাজ্যত বলিছে এতিয়া উপ নিৰ্বাচনৰ(By Election) গৰম বতাহ ৷ শাসকীয় বিজেপি দলৰ লগতে বিৰোধী দলসমূহেও আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ 6 টা সমষ্টিত হ’বলগীয়া উপ নিৰ্বাচনৰ বাবে দলসমূহৰ মাজত আৰম্ভ হৈছে নিৰ্বাচনী কুচ-কাৱাজ ৷ থাওৰা সমষ্টিতো(Thowra Constituency) অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনক লৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ(Pijush Hazarika) পাচতে এইবাৰ মন্তব্য আগবঢ়াইছে মন্ত্ৰী যোগেন মহনে(Jogen Mohan) ৷

তেওঁ কয় যে, সমাগত উপ নিৰ্বাচনত 6 টা সমষ্টিতেই বিজেপি দলৰ প্ৰাৰ্থীয়ে বিপুল ভোটত জয়লাভ কৰিব ৷ থাওৰাতো বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাই(Sushanta Borgohain) জয়ী হোৱাতো নিশ্চিত ৷ কিয়নো থাওৰাৰ ৰাইজ বিজেপি চৰকাৰৰ লগত আছে ৷ যিহেতু থাওৰাৰ ৰাইজে উন্নয়ন বিচাৰিছে, গতিকে সমষ্টিটোৰ অন্তৰ্গত সকলোবোৰ পথৰ কামৰ আধাৰশিলা ইতিমধ্যে স্থাপন কৰা হৈছে ৷

সুশান্ত বৰগোঁহাইক লৈ যোগেন মহনৰ মন্তব্য

উল্লেখ্য যে, থাওৰাৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোঁহাইক বিজেপিত যোগদান কৰোৱাই পুনৰ প্ৰাৰ্থিত্ব দিয়াতো নিশ্চিত কৰিছে বিজেপিয়ে । সুশান্ত বৰগোঁহাইক বিজেপি দলৰ প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত থাওৰাৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ লগতে বিজেপি কৰ্মীসকলে বিৰোধিতা কৰিছিল যদিও অৱশেষত নিশ্চিত হ’ল যে, থাওৰা সমষ্টিৰ উপ নিবাৰ্চনত বিজেপি দলৰ প্ৰাৰ্থী হ’ব সুশান্ত বৰগোঁহাই ।

ইফালে এই উপ নিৰ্বাচনক লৈ শান্ত হৈ ৰোৱা নাই বিধায়ক অখিল গগৈ(Akhil Gogoi) আৰু তেওঁৰ নেতৃত্বাধীন ৰাইজৰ দল(Raijor dal) ৷ উপ নিৰ্বাচনৰ( by election) পূৰ্বে থাওৰা বিধানসভা সমষ্টিত ৰাজনৈতিক চমক দেখুৱাবলৈ আধাৰশিলা স্থাপন কৰি বিজেপিয়ে যিমানেই নাটক নকৰক কিয়, এইবাৰ ৰাইজে বিশ্বাসঘাটক সুশান্ত বৰগোঁহাইক শিক্ষা দিব বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে ।

গাখীৰেৰে গা ধুলেও থাওৰাত সুশান্ত বৰগোঁহাই জয়ী হ’ব নোৱাৰে বুলি বিস্ফোৰক মন্তব্য কৰিছে অখিল গগৈয়ে ৷ মুঠৰ ওপৰত থাওৰা সমষ্টিৰ উপ নিৰ্বাচনক লৈ শাসকীয় দলৰ নেতা-মন্ত্ৰী সকলৰ লগতে বিৰোধী পক্ষও ব্যস্ত হোৱা পৰিলক্ষিত হৈছে ৷ কিন্তু থাওৰাবাসী ৰাইজে কাক বিশ্বাসত ল’ব, সেয়া নিৰ্বাচনৰ ফলাফলতহে ওলাই পৰিব ৷

লগতে পঢ়ক: গাখীৰেৰে গা ধুলেও থাওৰাত জয়ী হ'ব নোৱাৰে সুশান্ত বৰগোহাঁই : অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.