ETV Bharat / state

অন্ধবিশ্বাসঃ সাত দিনৰ বাবে দেহ ত্যাগ কৰিলে যুৱতীয়ে

টিংখাঙৰ শগুণেছুৱা গাঁৱৰ এগৰাকী যুৱতীয়ে নিজ শৰীৰত হনুমান আৰু লক্ষ্মী আই লম্ভা বুলি দাবী কৰি সাত দিনৰ বাবে দেহ ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল যাৰ বাবে পৰিয়ালৰ লোকে বিগত তিনিদিন ধৰি এটুপিও পানী নোখোৱাকৈ বগা কাপোৰৰ মাজত ঢাকি ৰখিছে যুৱতী গৰাকীৰ জীৱন্ত শৰীৰ

author img

By

Published : Aug 16, 2019, 8:28 PM IST

অন্ধবিশ্বাসঃ টিংখাঙৰ এগৰাকী যুৱতীয়ে সাত দিনৰ বাবে কৰিব দেহ ত্যাগ

টিংখাং, 16 আগষ্টঃ ডিব্ৰুগড় জিলাৰ টিংখাঙত পোহৰলৈ আহিছে অন্ধবিশ্বাসৰ বলি হোৱা এগৰাকী যুৱতীৰ চাঞ্চল্যকৰ কাহিনী ৷ ঘটনা অনুসৰি, টিংখাঙৰ শগুণেছুৱা গাঁৱৰ এগৰাকী যুৱতীয়ে নিজ শৰীৰত হনুমান আৰু লক্ষ্মী আই লম্ভা বুলি দাবী কৰি সাত দিনৰ বাবে দেহ ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল ৷ সেই অনুযায়ী পৰিয়ালৰ লোকক তেওঁৰ শৰীৰটো ৰীতি-নীতিৰ মাজেৰে সাত দিনৰ বাবে ঢাকি ৰাখিবলৈ পৰামৰ্শ দিয়াৰ লগতে উক্ত সাত দিনৰ পাছত কীৰ্ত্তন পাঠ কৰিলে পুনৰ যুৱতী গৰাকীয়ে নিজ শৰীৰত স্থান ল'ব বুলি পৰিয়ালৰ লোকক অৱগত কৰিছিল ৷ যুৱতী গৰাকীৰ পৰামৰ্শ মতেই পৰিয়ালৰ লোকে বিগত তিনিদিন ধৰি এটুপিও পানী নোখোৱাকৈ বগা কাপোৰৰ মাজত ঢাকি ৰখিছে যুৱতী গৰাকীৰ জীৱন্ত শৰীৰ ৷ অৱশ্যে তিনিদিনৰ পাচত কথাটো অঞ্চলটোত বিয়পি পৰাত বৃহস্পতিবাৰে স্থানীয় দল- সংগঠনৰ সহযোগত টিংখাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগজ্যোতি বুঢ়াগোঁহাইৰ লগতে স্বাস্থ্য বিভাগৰ লোক যুৱতী গৰাকীৰ বাসগৃহত উপস্থিত হৈ অন্ধবিশ্বাসৰ বিৰুদ্ধে যুৱতী আৰু পৰিয়ালৰ লোকক বুজনি দিয়ে আৰু পানী খুৱাই যুৱতীগৰাকীৰ ব্ৰত ভংগ কৰে ৷

কিন্তু ইয়াৰ পাছতো অন্ধবিশ্বাসৰ কবলৰ পৰা সম্পূৰ্ণ ৰূপে মুক্ত হ'ব পৰা নাই যুৱতী গৰাকী যাৰ বাবে এই ঘটনা সন্দৰ্ভত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ সন্মুখতে ভগৱান লম্ভাৰ ভাও ধৰে যুৱতী গৰাকীয়ে ৷ এতিয়া বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ উত্তৰণৰ সময়ত অসমৰ বিভিন্ন প্ৰান্তত চলি থকা এনে অন্ধবিশ্বাসজনিত ঘটনা সমূহে চিন্তিত কৰি তুলিছে ৰাজ্যৰ সচেতন মহলক ৷

Intro:অসমৰ গ্ৰামাঞ্চলৰ পৰা আতৰা নাই অন্ধবিশ্বাসৰ কলিয়া ডাৱৰ।টিংখাঙত পোহৰলৈ আহিছে অন্ধবিশ্বাসৰ বলি হোৱা এগৰাকী যুৱতীৰ চাঞ্চল্যকৰ কাহিনী। হনুমান আৰু লক্ষ্মী আই লম্ভা বুলি দাবী কৰি যুৱতী গৰাকীয়ে ৭ দিনৰ বাবে দেহ ত্যাগ কৰাৰ পৰিকল্পনা কৰিছিল।Body:যিসময়ত চন্দ্ৰযান ২ ভাৰতবৰ্ষই সফলতাৰে উৎক্ষেপন কৰিবলৈ সক্ষম হৈছে , তেনে সময়তো কিন্তু অসমৰ কেতবোৰ গ্ৰামাঞ্চলৰ পৰা আতৰা নাই অন্ধবিশ্বাসৰ কলিয়া ডাৱৰ। শেহতীয়াকৈ ডিব্ৰুগড় জিলাৰ টিংখাঙত পোহৰলৈ আহিছে অন্ধবিশ্বাসৰ বলি হোৱা এগৰাকী যুৱতীৰ চাঞ্চল্যকৰ কাহিনী। টিংখাঙৰ শগুণেছুৱা গাঁৱৰ এগৰাকী যুৱতীৰ গাত হনুমান আৰু লক্ষ্মী আই লম্ভা বুলি দাবী কৰি যুৱতী গৰাকীয়ে ৭ দিনৰ বাবে দেহ ত্যাগ কৰাৰ পৰিকল্পনা কৰিছিল। সেই অনুযায়ী পৰিয়ালৰ লোকক তেওঁৰ শৰীৰটো ৰীতি-নীতিৰ মাজেৰে ৭ দিনৰ বাবে ঢাকি ৰাখিবলৈ পৰামৰ্শ দিয়াৰ লগতে ৭ দিনৰ পাচত কীৰ্ত্তন পাঠ কৰিলে পুনৰ যুৱতীগৰাকীয়ে নিজৰ শৰীৰত ল'ব বুলি পৰিয়ালৰ লোকক অৱগত কৰিছিল যুৱতী গৰাকীয়ে। আৰু সেই মতেই বিগত তিনিদিন ধৰি পানী এটুপীও নোখোৱাকৈ বগা কাপোৰৰ মাজত ঢাকি ৰখা হৈছিল যুৱতী গৰাকীৰ জীৱন্ত শৰীৰ। অৱশ্যে তিনিদিনৰ পাচত কথাটো বিভিন্ন জনৰ মাজত বিয়পি পৰাত বৃহস্পতিবাৰে স্থানীয় দল- সংগঠনৰ সহযোগত টিংখাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগজ্যোতি বুঢ়াগোঁহাই , স্বাস্থ্য বিভাগৰ লোক যুৱতী গৰাকীৰ বাসগৃহত উপস্থিত হৈ অন্ধবিশ্বাসৰ বিৰুদ্ধে যুৱতী গৰাকীক উদ্ধাৰ কৰাৰ লগতে পানী খুৱাই ব্ৰত ভংগ কৰে।

বাইট-যুৱতীৰ ককায়েক।
বাইট-আৰক্ষী বিষয়া।

Conclusion:ইফালে আজিও অন্ধবিশ্বাসৰ কবলৰ পৰা উদ্ধাৰ হোৱা নাই যুৱতী গৰাকী। এই সন্দৰ্ভত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ সন্মুখতে ভগৱান লম্ভাৰ ভাও ধৰে যুৱতী গৰাকীয়ে। উল্লেখযোগ্য প্ৰতেক সমাজতে কেতবোৰ ধৰ্মীয় নীতি-নিয়ম থাকে যদিও ধৰ্মান্ধ হৈ গাত ভগৱান লম্ভা তথা দেহ ত্যাগৰ দৰে অলৌকিক কাৰ্য বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত কোনো কাৰণতে মানি ল'ব নোৱাৰি।

টিংখাঙৰ পৰা দীপক গগৈ,ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.