মৰাণ, 17 ছেপ্তেম্বৰ : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 71 তম জন্মদিন উপলক্ষে শুকুৰকবাৰৰে পৰা সমগ্ৰ অসমজুৰি আৰম্ভ হৈছে ব্যাপক ক'ভিড-19 টীকাকৰণ অভিযান ৷ ৰাজ্যৰ আনসমূহ জিলাৰ লগতে ডিব্ৰুগড় জিলাতো ব্যাপক ৰূপত আৰম্ভ হৈছে এই টীকাকৰণৰ অভিযান ৷ টীকাকৰণ চলি থকাৰ মাজতে শুকুৰবাৰে ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই ডিব্ৰুগড় চহৰৰ লগতে মৰাণৰ ক'ভিডৰ এটা টিকাকৰণ কেন্দ্ৰ পৰিদৰ্শন কৰি টিকাকৰণ অভিযানৰ বুজ লয় ৷
![sudden-visit-by-minister-atul-borah-in-covid-19-vaccination-center-in-dibrugarh](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8030to8038-suddenvisitbyatulborahatvaccinationcenter-as10031_17092021201522_1709f_1631889922_1067.jpg)
লগতে স্বাস্থ্য কৰ্মী আৰু ভেকচিন ল'বলৈ অহা ৰাইজৰ লগতো মত বিনিময় কৰে ৷ এইক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰা বাবে ডিব্ৰুগড় মাৰোৱাৰী যুৱ মঞ্চ, জালুকপাৰা দুৰ্গা পূজা সমিতি, মৰাণৰ লায়ন্স ক্লাৱ আৰু জিলা প্ৰশাসন আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগক ধন্যবাদ জনাই মন্ত্ৰী জনে ৷
এই পৰিদৰ্শনকালত লগতে ডিব্ৰুগড় অভিভাৱক মন্ত্ৰী অতুল বৰাৰ সৈতে উপস্থিত থাকে জিলাখনৰ অভিভাৱক সচিব অনন্তলাল জ্ঞানী, ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপন ঝা, ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া সকল ৷
লগতে পঢ়কঃ উপ-নিৰ্বাচনত বিজেপিয়ে ৬টা সমষ্টিয়েই আজুৰি আনিব: অজয় জামোৱাল