মৰাণ, ২৫ আগষ্ট : ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মাচুল বৃদ্ধি সিদ্ধান্তৰ বিৰুদ্ধে আজিও প্ৰতিবাদ অব্যাহত আছে বিশ্ববিদ্যালয়খনত (DU students union against increase fee) । উল্লেখ্য, মঙলবাৰে মাচুল বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । তাৰ পাছতে প্ৰতিবাদমুখৰ হৈ পৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদ (Student protest at Dibrugarh University) ।
আনহাতে, ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ পাছতেই বুধবাৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সংবাদমেল অনুষ্ঠিত কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা নহয় বুলি ঘোষণা কৰে (admission fee hike at Dibrugarh University) । লগতে বিশ্ববিদ্যালয়ত এক সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ বাবে মাচুল বৃদ্ধি কৰা হৈছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।
বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মাচুল বৃদ্ধি সিদ্ধান্তৰ কথা বুধবাৰে স্পষ্ট কৰাৰ পাছত আজি পুনৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদী অনশনত বহে স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা (post graduate student union protest at DU) । ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ মাচুল বৃদ্ধি কৰি বিশ্ববিদ্যালয় উন্নয়ন কৰিবলৈ কৰ্তৃপক্ষই যি চিন্তা কৰিছে সেয়া মানি লোৱা নহ'ব বুলি স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাই নিজৰ স্থিতি স্পষ্ট কৰাৰ লগতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে ।
প্ৰতিবাদী ছাত্ৰসকলে লগতে কয়, যিসময়ত চৰকাৰে বিনামূলীয়া শিক্ষা দিয়াৰ কথা কৈ আছে তেনে সময়ত ছাত্ৰ-ছাত্ৰীৰ পৰা পইচা লৈ এখন চৰকাৰী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ কথা চিন্তা কৰাটো মানি লোৱা নহ'ব । প্ৰয়োজনত ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলিও হুংকাৰ প্ৰদান কৰে ।
উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন মাচুল অনুসৰি কলা শাখাত ৫৯৮২ টকা, বিজ্ঞান শাখাত ৯১৯৪ টকা আৰু বাণিজ্য শাখাত ৫৯৮২ টকা বৃদ্ধি কৰা হৈছে (Dibrugarh university fee hike) । আজি সংবাদমেলত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক গোট, বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী সন্থাই সহযোগিতা আগবঢ়ায় । বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সংবাদমেলৰ জড়িয়তে প্ৰতিবাদী কাৰ্যসূচীত পৰা বিৰত থাকিবলৈ আহ্বান জনায় ছাত্ৰ-ছাত্ৰীসকলক ।