মৰাণ, 29 জুন: জীৱনত প্ৰতিখোজতে বহু বাধা বিঘিনীৰ সন্মুখীন হৈ আহিছে যদিও কোনো দিনে পিছ হোঁহকি দিয়া নাই প্ৰিয়াই । কঠোৰ পৰিশ্ৰম আৰু একক প্ৰচেষ্টাৰে অধ্যয়নৰ মাজেৰে জিলিকি উঠিল সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত (Moran poor family student in HS result)। আৰ্থিক দৰিদ্ৰতাৰ বাবে কোনো ধৰণৰ বিষয় শিক্ষকৰ সহায় নোলোৱাকৈয়ে মৰাণ মহাবিদ্যালয়ত(Moran College) বিজ্ঞান শাখাত শিক্ষাগ্ৰহণ কৰা, মৰাণ হিংৰিজান চাহ বাগিছা(Hingrijan tea estate) অঞ্চলৰ এগৰাকী আশাকৰ্মীৰ কন্যাৰ এই সাফল্যত আজি গৌৰৱাম্বিত বৃহত্তৰ অঞ্চলবাসী ।
বিজ্ঞান শাখাত অধ্যয়ন কৰা প্ৰিয়া তাচাই ইংৰাজীত ৪৫, অসমীয়াত ৮৪, ফিজিক্সত ৬৩, বায়টেকনলজিত ৬৪, বায়’লজিত ৬৭ আৰু কেমেষ্ট্ৰীত ৪৯ নম্বৰসহ প্ৰথম স্থানত উত্তীৰ্ণ হয় প্ৰিয়া তাচা ৷ খবৰটো বিয়পি পৰাত মৰাণ হিংৰিজান চাহ বাগিচাৰ এলেকাধীন হিংৰিজান সাৰ্বজনীন দুৰ্গা সমিতি, আছা হিংৰিজান প্ৰাথমিক সমিতি, হিংৰিজান তিনিআলি ব্যৱসায়ীসকল, বিজেপি খুমটাই গ্ৰাম্য মণ্ডলৰ তফৰ পৰা প্ৰিয়াৰ বাসগৃহলৈ গৈ একোখন গামোছাৰে সৰ্ম্বধনা জনাই উৎসাহ দিয়ে ।
উল্লেখ্যযোগ্য যে, পিতৃহাৰা প্ৰিয়াৰ মাতৃ ৰিনা তাচা এগৰাকী আশাকৰ্মী । বিগত দুটা বছৰ ক'ভিড মহামাৰীৰ বাবে ২৪ ঘন্টা ভিতৰত যিকোনো সময়তে ব্যস্ততাৰ মাজেৰে সময় পাৰ কৰিবলগীয়া হোৱাৰ বাবে প্ৰিয়াক সময়ো দিব পৰা নাছিল মাতৃ ৰিনা তাচাই । পৰিতাপৰ বিষয় যে ইমান ত্যাগৰ পিছতো পাপ্য দৰমহা পাবলৈ বঞ্চিত মাতৃ ।
বৰ্তমান তিনিমাহলৈকে কোনো ধৰণৰ দৰমহা নোপোৱা, আশাকৰ্মী হিচাপে নিয়োজিত প্ৰিয়াৰ মাতৃয়ে কন্যাৰ উচ্চ শিক্ষাৰ গ্ৰহণ কৰাবলৈ চিন্তিত হৈ পৰিছে । লগতে দুৰ্ভগীয়া মাতৃয়ে সংবাদ মাধ্যমৰ জৰিয়তে সহায়ৰ হাত বিচাৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ, স্থানীয় বিধায়ক মন্ত্ৰী যোগেন মহনৰ লগতে ছাত্ৰ-সংগঠনসমূহৰ পৰা ।
লগতে পঢ়ক: দিব্যাংগ শিক্ষাৰ্থীৰ বাবে কৰণীয় সকলোখিনি কৰা হ'ব: পীযুষ হাজৰিকা