ETV Bharat / state

চিৰকাললৈ নিঃশেষ হৈ যাব নেকি জৈৱ বৈচিত্ৰৰে ভৰা মাগুৰি মতাপুং বিল ?

author img

By

Published : Jun 18, 2020, 8:07 PM IST

বম্বে নেচ’নেল হিষ্ট্ৰী চচাইটিয়ে Important Bird Area চমুকৈ IBA-IN-13 হিচাপে অভিহিত কৰিছিল মাগুৰি মতাপুং বিলক ৷ অঞ্চলটোৰ 90% লোকৰ জীৱিকাৰ বাট মুকলি কৰিছিল বিলখনে ৷

story of maguri motapung wetland
তৈল খাদ বিস্ফোৰণে নিঃশেষ হোৱাকৈ ধ্বংস কৰিলে বাঘজানৰ সমিপৰ বৃহৎ জৈৱ বৈচিত্ৰৰে ভৰা এক জলসম্পদ

ডিব্ৰুগড়, 18 জুনঃ শেষ হোৱা নাই বাঘজানৰ বিভীষিকা ৷ এতিয়াও ডাউ ডাউকৈ জ্বলি আছে বাঘজানৰ বুকু ৷ তৈল খাদ বিস্ফোৰণে নিঃশেষ হোৱাকৈ ধ্বংস কৰিলে বাঘজানৰ সমীপৰ বৃহৎ জৈৱ বৈচিত্ৰৰে ভৰা এক জলসম্পদ,মাগুৰি মতাপুং বিল ৷ খাদ বিস্ফোৰণৰ পাছতেই খাৰুৱা তেল বিয়পি পৰি প্ৰদূষিত হৈ পৰিছিল বিশ্ব বিখ্যাত মাগুৰি মতাপুং বিলৰ জলৰাশি ৷ প্ৰত্যেক বছৰে অক্টোবৰৰ পৰা মাৰ্চ মাহলৈ ভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীয়ে সৃষ্টি কৰা মনোমোহা পৰিবেশৰ বাবেই বম্বে নেচ’নেল হিষ্ট্ৰী চচাইটিয়ে য়ে Important Bird Area চমুকৈ IBA-IN-13 হিচাপে অভিহিত কৰিছিল এই বিলখনক ৷ পানীডুবি, কৈলাঙী, মণিয়ৰী, কণামুচৰি,গো-বগ,মাজু-বগ,বামুনী-বগ,ইটাগুড়ীয়া,শামুকভঙা,বৰটোকোলা,কিকি হাঁহ,বগা চিলনী,মৌ-খাপ,কোঢ়া চৰাই,দলমৰা,বালিঘোৰা, চেকচেকী,পাতসিয়া,ঢাপলিকা, দহি-কতৰা,শিলকতৰা,পথৰুৱা মাটিমাহী ইত্যাদি পক্ষীৰ বিচৰণ স্থলী মাগুৰি মতাপুং বিল । ২০১৫ বৰ্ষত বৰ আজান ,২০১৭ চনত বৰ-পাতি হাহঁ আৰু ২০১৮ চনত মাগুৰি বিলত দেখা পোৱা স্মীউ নামৰ পক্ষীবিধে পক্ষী নিৰিক্ষক আৰু পৰ্যটকসকলৰ মনত বিষ্ময়ৰ সৃষ্টি কৰিছিল আৰু পুনৰ নতুন প্ৰজাতিৰ চৰাই চাবলৈ পোৱাৰ হেপাঁহত বিলখনত ভিৰ কৰা দেখা গৈছিল ।

মাগুৰী বিললৈ নবেম্বৰৰ পৰা মাৰ্চ মাহলৈ শীতকালৰ পৰিভ্ৰমী পক্ষীসমূহৰ আগমণ ঘটে আৰু মাৰ্চৰ শেষলৈ গৰম বৃদ্ধি হোৱাৰ লগে লগে ইহঁতে পুনৰ প্ৰৱাস আৰম্ভ কৰে ৷ এই পৰিভ্ৰমী পখীৰ ভিতৰত কৃষ্ণ আকুহি বগ,ধৃতৰাজ,বিৰল ধৃতৰাজ,চাকৈ চকোৱা,পাটৰী হাঁহ,বগা-কাঁচি,ৰঙামূৰী হাঁহ, সন্ন্যাসী চৰাই, লৰিয়লি,বৰ-বালি বগোৱা,দীঘলঠেঙীয়া চহা,এৰাঁখাটী,দৈকলা,বৰ আজান, মনুৱা , সোনালী চকুৱা , বগা দৰীয়া ইত্যাদি ৷ নল-খাগৰী ভাটৌ থুটীয়া নামৰ অতি দূৰ্লভ প্ৰজাতিৰ পক্ষীবিধ বিশ্বৰ ভিতৰতে তৃতীয় বাৰৰ বাবে আলোকচিত্ৰ সংগ্ৰহ কৰা হৈছিল এই অঞ্চলত ৷ ২০১৫ বৰ্ষত বৰ আজান, ২০১৭ চনত বৰ-পাতি হাহঁ আৰু ২০১৮ চনত মাগুৰি বিলত দেখা পোৱা স্মীউ নামৰ পক্ষীবিধে পক্ষী নিৰিক্ষক আৰু পৰ্যটকসকলৰ মনত বিষ্ময়ৰ সৃষ্টি কৰিছে আৰু পুনৰ নতুন প্ৰজাতিৰ চৰাই চাবলৈ পোৱাৰ হেপাঁহত বিলখনত ভিৰ কৰা দেখা গৈছিল ৷ বাঘজান কাণ্ডই কেৱল বাঘজানৰ ৰাইজৰেই নহয় , নিঃশেষ কৰি গ’ল জৈৱ-বৈচিত্ৰৰে ভৰা ৰাজ্যৰ এক প্ৰাকৃতিক সম্পদ ৷

লগতে পঢ়কঃবৰহোলাৰ জয়ন্ত বৰাৰ মৃত্যুক পৰিকল্পিত হত্যা আখ্যা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.