ETV Bharat / state

Press Meet of AAP: বিৰোধী ঐক্য INDIAত থাকিলেও অসমত এককভাৱে পঞ্চায়ত নিৰ্বাচন খেলিব আপে

author img

By

Published : Aug 6, 2023, 7:27 PM IST

দেওবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হয় আম আদমী পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা ৷ কাৰ্যনিৰ্বাহকৰ পাচতে আপৰ ৰাজ্যিক সমিতিয়ে অনুষ্ঠিত কৰে এখন গুৰুত্বপূৰ্ণ সংবাদমেল ৷

State Excutive Meeting of AAP in Dibrugarh
ডিব্ৰুগড়ত আপৰ গুৰুত্বপূৰ্ণ সংবাদমেল

আম আদমী পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

ডিব্ৰুগড়, 6 আগষ্ট : সমাগত লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনক লৈ শাসক দল বিজেপিৰ লগতে তৎপৰতা বৃদ্ধি কৰিছে আন আন ৰাজনৈতিক দলসমূহেও ৷ প্ৰত্যেকটো দলে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ উঠি-পৰি লগাৰ সমান্তৰালকৈ দলৰ সদস্য ভৰ্তিতো মনোনিৱেশ কৰিছে ৷ আন আন দলৰ সমান্তৰালভাৱে আম আদমী পাৰ্টীয়েও অসমত দলীয় ভেঁটি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷

দেওবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হৈ যায় আম আদমী পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা ৷ ডিব্ৰুগড় চহৰৰ নালিয়াপুলস্থিত গ’ল্ডেন হোটেলত আপৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভৱেন চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই ৰাজ্যিক কাৰ্যনিবাহকত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰাৰ কথা জানিবলৈ দিয়ে ৷ কাৰ্যনিৰ্বাহকৰ পাচতে আপৰ ৰাজ্যিক সমিতিয়ে অনুষ্ঠিত কৰে এখন গুৰুত্বপূৰ্ণ সংবাদমেল ৷

বিশেষকৈ আগন্তক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ ৰণকৌশল আৰু নিৰ্বাচনৰ পূৰ্বে দলটোৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা বুলি সংবাদমেলত জানিবলৈ দিয়ে আপৰ ৰাজ্যিক নেতৃত্বই ৷ লোকসভা নিৰ্বাচনৰ বাবে ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিত আম আদমী পাৰ্টীয়ে শক্তিশালী ভাৱে কাম কৰি থকা বুলি জানিবলৈ দিয়ে ৷ কেন্দ্ৰত আপে বিৰোধী ঐক্য ‘ইণ্ডিয়া’ৰ অংশীদাৰ হ'লেও পঞ্চায়ত নিৰ্বাচন এককভাৱে খেলিব বুলি সংবাদমেলত ঘোষণা কৰে আপৰ ৰাজ্যিক নেতৃত্বই ৷

লগতে পঢ়ক : PM Modi slams INDIA: বিৰোধী মিত্ৰজোঁট 'INDIA'ক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰীৰ

ইফালে এই সংবাদমেলতে ৰাজ্যত হৈ থকা মূল্যবৃদ্ধি আৰু ছিণ্ডিকেটক লৈ আপৰ ৰাজ্যিক নেতৃত্বই কঠোৰ সমালোচনা কৰে বিজেপি চৰকাৰক ৷ সংবাদমেলত আপৰ ৰাজ্যিক সভাপতি ডাঃ ভৱেন চৌধুৰী, আপৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী ৰাজেশ শৰ্মা, সহঃ সমন্বয়ক মনোজ ধানোৱাৰৰ লগতে ৰাজ্যিক পৰ্যায়ৰ বহু কেইজন নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক : Amrit Bharat Station Scheme: অমৃত ভাৰত ৰে'ল ষ্টেচনলৈ উন্নীত হ’ব ডিব্ৰুগড়ৰ ৪ টা ৰে'লৱে ষ্টেচন; ভাৰ্চুৱেলি আধাৰশিলা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.