ETV Bharat / state

ডিব্ৰুগড়ত শ্ৰীশ্ৰীঅনিৰদ্ধ দেৱ মায়ামৰা সত্ৰ মুকলি

author img

By

Published : Feb 17, 2021, 1:27 PM IST

ডিব্ৰুগড়ত ধৰ্মীয় গুৰু শ্ৰীশ্ৰীঅনিৰুদ্ধ দেৱৰ পবিত্ৰ স্মৃতিত নিৰ্মাণ কৰা শ্ৰীশ্ৰীঅনিৰদ্ধ দেৱ মায়ামৰা সত্ৰ মুকলি ।

ডিব্ৰুগড়ত শ্ৰীশ্ৰীঅনিৰদ্ধ দেৱ মায়ামৰা সত্ৰ মুকলি
ডিব্ৰুগড়ত শ্ৰীশ্ৰীঅনিৰদ্ধ দেৱ মায়ামৰা সত্ৰ মুকলি

মৰাণ,১৭ ফেব্ৰুৱাৰী: ডিব্ৰুগড়ত ধৰ্মীয় গুৰু শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱৰ পবিত্ৰ স্মৃতিত শ্ৰীশ্ৰী অনিৰদ্ধ দেৱ মায়ামৰা সত্ৰ মুকলি কৰা হয় । বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ পবিত্ৰ দিনটোতে লাহোৱাল অঞ্চলৰ বছাপথাৰ গাঁৱত মুকলি কৰা হয় সংস্কাৰমূলক সত্রখনৰ । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰি উলিওৱা হয় সত্ৰখন ।

উল্লেখ্য যে, বিগত বৰ্ষৰ ২৯ ছেপ্তেম্বৰত ধেমাজিত অনুষ্ঠিত মায়ামৰা সত্ৰৰ এক সভাত সংস্কাৰমুখী সত্ৰৰ বাবে প্ৰস্তাৱ লোৱা হৈছিল । সেই প্ৰস্তাৱ অনুসৰিয়েই পুলিন গগৈ আৰু হেমন্ত গোঁহাইদেৱৰ সহযোগত এই সত্ৰখনি মুকলি কৰা হয় । শ্ৰীশ্ৰীঅনিৰুদ্ধ দেৱ মায়ামৰা সত্ৰখনি ভক্তসকলৰ হাতত মঙলবাৰে প্ৰাণ পাই উঠাত, বৰ্ণাঢ্য ধৰ্মীয় কাৰ্যসূচীৰে পুৱা ভক্তসকলে মুকলি কৰে সত্ৰখনি ।

কাৰ্যসূচী অনুসৰি, খুটিয়ে পুটা সত্রৰ সত্ৰাধিকাৰ পৰমানন্দ গোস্বামীয়ে পতাকা উত্তোলন কৰাৰ পাছতে স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি মুকলি কৰা হয় নৱ নিৰ্মিত বৰ নামঘৰৰ দুৱাৰ । ইয়াৰ পাছতে গুৰু আসন প্ৰতিষ্ঠা কৰি নাম কীৰ্তনেৰে জীৱন্ত কৰি তোলা হয় পবিত্ৰ অনুষ্ঠানটি ।

ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ ভক্তসকলৰ লগতে বহু কেইখন সত্ৰৰ পৰা অহা সত্ৰাধিকাৰে পুৱাৰ ভাগতে এই অনুষ্ঠানৰ প্ৰাংগণত উপস্থিত হৈ ধৰ্মীয় পৰিৱেশৰ মাজেৰে জীপাল কৰি তোলে সত্ৰখনি । আগন্তুক দিনত সত্ৰখনৰ উন্নয়নৰ বাবে চৰকাৰৰ পৰা সহায়-সহযোগিতা লাভ কৰিব বুলি আশাবাদী ভক্তবৃন্দ ।

লগতে পঢ়ক:মাজবাট সংহত শিশু উন্নয়ন কেন্দ্ৰত দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.