ETV Bharat / state

Mankind organization: খোৱাঙৰ মুকলি পথাৰত মানুহে মানুহৰ বাবে গ্ৰুপৰ বিশেষ অনুষ্ঠান - Cultural programme at Khowang

খোৱাঙত বিশেষ অনুষ্ঠানৰ আয়োজন 'মানুহে মানুহৰ বাবে গ্ৰুপ'ৰ (Mankind work of Manuhe Manuhor Babe Group) । এই অনুষ্ঠাটোত ৰাজ্য়ৰ কেইবাগৰাকী বিশিষ্ট শিল্পীয়ে গীত পৰিৱেশন কৰে । তদুপৰি অনুষ্ঠাটোত কেইবাটাও সাংস্কৃতিক দলে নৃত্য প্ৰদৰ্শন কৰে । এই গ্ৰুপটোৰ কাম পৰিচালনা কৰিবলৈ বিনন্দ কুমাৰ গগৈয়ে দান কৰিলে ভূমি ।

Cultural programme of Manuhe Manuhor Babe Group
মানুহে মানুহৰ বাবে গ্ৰুপ
author img

By

Published : Jan 21, 2023, 2:22 PM IST

মানুহে মানুহৰ বাবে গ্ৰুপ

চতিয়া, ২১ জানুৱাৰী: মৰাণৰ সমীপৰ খোৱাঙৰ মুকলি পথাৰত 'মানুহে মানুহৰ বাবে গ্ৰুপ'ৰ উদ্য়োগত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় (Manuhe Manuhor Babe Group)। শিল্পী লোহিত গগৈসহ কেইবাগৰাকী শিল্পীৰ গীতেৰে জীপাল কৰি তুলিলে এই অনুষ্ঠানটো । ডিব্ৰুগড় জিলাৰ খোৱাঙৰ আজাৰগুৰিৰ সমীপৰ মুকলি পথাৰত শুকুৰবাৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত অসমৰ এগৰাকী সুযোগ্য সন্তান বিনন্দ কুমাৰ গগৈক মানুহে মানুহৰ বাবে গ্ৰুপৰ ফালৰ পৰা বিশেষভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে (Cultural programme of Manuhe Manuhor Babe Group) । সমাজৰ অসহায় লোক সকলক সহায়ৰ হাত আগবঢ়োৱা মানুহে মানুহৰ বাবে গ্ৰুপৰ এই অনুষ্ঠানটোত কেইবাটাও সাংস্কৃতিক দলে নৃত্য প্ৰদৰ্শন কৰে ।

ইফালে, এই গ্ৰুপটোৰ কামসমূহ নিয়াৰিকৈ পৰিচালনা কৰাৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ এটা কাৰ্যালয়ৰ বাবে বিনন্দ কুমাৰ গগৈয়ে খোৱাঙস্থিত এডোখৰ নিজা ভূমি এটা গৃহৰ সৈতে এই বিশেষ অনুষ্ঠানটোতে দান কৰে (Cultural programme at Khowang)। অনুষ্ঠানটোত কেইবাগৰাকী শিল্পী, সাহিত্যিক, খেলুৱৈ, সমাজকৰ্মী উপস্থিত থাকে । এই অনুষ্ঠানটোত উপস্থিত থাকি শিল্পী লোহিত গগৈয়ে কয়," ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিল্পী, সাহিত্যক, চিকিৎসক সমাজকৰ্মী আদি মানৱ দৰদী লোকসকলে একলগ হৈ এটা গ্ৰুপ আৰম্ভ কৰি সমাজৰ দুৰ্গত সকলক সহায় কৰিবলৈ চেষ্টা কৰিছো । এই গ্ৰুপত থকা সকলোৱে এশ টকাকৈ অনুদান দি দুৰ্গত সকলক সহায় কৰি আহিছো ।" এই গ্ৰুপটো গঠন কৰা ডেৰবছৰ হৈছে যদিও ইতিমধ্যে বহু লোকক সামৰ্থ অনুসৰি সহায় কৰিবলৈ সক্ষম হোৱা বুলিও কয় শিল্পী লোহিত গগৈয়ে ।

উল্লেখযোগ্য যে যি সময়ত নিজৰ কৰ্ম জীৱনৰ পৰা আঁতৰি আহি আনক সহায় কৰিবলৈ কাৰো সময় নোহোৱা হৈছে, তেনে সময়তেই মানুহে মানুহৰ বাবে গ্ৰুপৰ প্ৰতিজন সদস্যই বহুতৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে । এই গ্ৰুপত ২৫০ গৰাকী সদস্য আছে । প্ৰতিগৰাকী সদস্যই মাহে ১০০ টকা বৰঙনি আগবঢ়াই আহিছে । আৰ্থিকভাৱে দুৰ্বল শিল্পীক চিকিৎসাৰ সহায় কৰাৰ লগতে কেইদিনমান পূৰ্বে জাগুন অগ্নিকাণ্ডৰ ফলত এজন দৰিদ্ৰ লোকৰ ঘৰ জ্বলি যোৱাৰ পাছত তেওঁৰ ঘৰ পুনৰ নিৰ্মাণ কৰে এই মানুহে মানুহৰ বাবে গ্ৰুপৰ সদস্যসকলে (Social work of Manuhe Manuhor Babe Group) ।

লগতে পঢ়ক:Nalbari Municipality Board orders to vacate shops: পদপথত থকা দোকানসমূহ খালী কৰাৰ নিৰ্দেশ নলবাৰী পৌৰসভাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.