ETV Bharat / state

শিক্ষাৰ জ্যোতি বিয়পাই পঞ্চাশটা বৰ্ষ গৰকিলে সোণাৰি মহাবিদ্যালয়ে - গ্ৰন্থমেলা আৰু বাণিজ্য মেলা

শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আৰম্ভ ৷ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam Chief Minister Himanta biswa Sarma) ৷

শিক্ষাৰ জ্যোতি বিয়পাই পঞ্চাশটা বৰ্ষ গৰকিলে সোণাৰি মহাবিদ্যালয়ে

author img

By

Published : Sep 10, 2022, 8:35 AM IST

Updated : Sep 10, 2022, 9:24 AM IST

ডিব্ৰুগড়,10 ছেপ্টেম্বৰ: শিক্ষাৰ জ্যোতি বিয়পাই বৃহত্তৰ সোণাৰি অঞ্চলত মানৱ সম্পদ গঢ় দিয়া সোণাৰি মহাবিদ্যালয়ে অতিক্ৰম কৰিলে সফলতাৰ পঞ্চাশটা বৰ্ষ (Sonari College celebrates 50 years) । চৰাইদেউ জিলাৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ (Golden Jubilee of Sonari College) সামৰণি অনুষ্ঠানটি শুকুৰবাৰৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ।

শিক্ষাৰ জ্যোতি বিয়পাই পঞ্চাশটা বৰ্ষ গৰকিলে সোণাৰি মহাবিদ্যালয়ে

সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি তথা সাংসদ তপন কুমাৰ গগৈ আৰু সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিমল চন্দ্ৰ গগৈৰ লগতে চৰাইদেউ জিলাৰ ৫০ গৰাকী বিশিষ্ট ব্যক্তিয়ে শুকুৰবাৰে ৫০ খন পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে সামৰণি অনুষ্ঠানৰ । ইফালে পতাকা উত্তোলনৰ পাছতেই মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ গোলাপ বৰগোহাঁয়ে শাৰীৰিক অসুস্থতা স্বত্ত্বেও মহাবিদ্যালয়খনৰ সামৰণি অনুষ্ঠানটিত সোশৰীৰে উপস্থিত থাকে আৰু স্মৃতি তৰ্পণ কৰে ।

উল্লেখ্য যে, ১৯৭০ চনৰ ৫ ছেপ্তেম্বৰত প্ৰতিষ্ঠা লাভ কৰা শিক্ষানুষ্ঠানখনে ২০২০ বৰ্ষতে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিলে যদিও ক'ভিডজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল(Programme postponed due to covid situation) । ২০১৯ বৰ্ষত আৰম্ভণি কৰা সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি শুকুৰবাৰৰে পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ।

সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হৈছে গ্ৰন্থমেলা আৰু বাণিজ্য মেলা । সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ শেষৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে বহুকেইজন মন্ত্ৰী-বিধায়কে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: গ্ৰেপ্তাৰ হ’ল ভিক্টৰ দাস

Last Updated : Sep 10, 2022, 9:24 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.