ETV Bharat / state

Assam Govt employees : বিগত বহু বছৰে চাকৰি নিয়মীয়াকৰণৰ আশাত পণবন্দী একাংশ কৰ্মচাৰী - চাকৰি নিয়মীয়াকৰণ হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল

ৰাজ্য চৰকাৰৰ বৃহৎ নিযুক্তি প্ৰক্ৰিয়াৰ সময়তে তীব্ৰ ক্ষোভ একাংশ চাকৰি নিয়মীয়াকৰণ নোহোৱা কৰ্মচাৰীসকলৰ (Job not regularized even after many years) ৷ আজিও চাকৰি নিয়মীয়াকৰণ নহ’ল পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগত কৰ্মৰত একাংশ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ ৷

3rd and 4th grade employees have not been regularized
দীৰ্ঘদিন নিয়মীয়াকৰণ নোহোৱা কৰ্মচাৰীৰ এতিয়া হাহাকাৰ অৱস্থা
author img

By

Published : May 29, 2023, 4:24 PM IST

দীৰ্ঘদিন নিয়মীয়াকৰণ নোহোৱা কৰ্মচাৰীৰ এতিয়া হাহাকাৰ অৱস্থা

ডিব্ৰুগড়, 29 মে’ : এফালে ৰাজ্য চৰকাৰৰ বৃহৎ নিযুক্তি প্ৰক্ৰিয়া (Assam govt recruitment 3rd and 4th grade)। আনফালে দীৰ্ঘদিন ধৰি চাকৰি নিয়মীয়াকৰণ নোহোৱা কৰ্মচাৰীৰ এতিয়া হাহাকাৰ অৱস্থা (Job not regularized even after many years)। ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী নিযুক্তি দিয়াৰ সময়তে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ডিব্ৰুগড় জিলাৰ উন্নয়ণ খণ্ড কাৰ্যালয়সমূহ আৰু পঞ্চায়ত কার্যালয়সমূহত দুটা দশকতকৈ অধিক কাল নিয়মীয়াকৰণ নোহোৱাকৈ কাম কৰি থকা চতুর্থ বৰ্গৰ কৰ্মচাৰীসকলে (Assam govt job) ।

জিলাখনৰ অন্তর্গত টিংখাং, খোৱাং, জয়পুৰ,টেঙাখাট উন্নয়ন খণ্ডৰ কাৰ্যালয় আৰু ইয়াৰ অধীনৰ গাঁও পঞ্চায়ত কার্যালয়সমূহত বিগত দুটা দশকতকৈ অধিক কাল কাৰ্য সম্পাদন কৰি অহা জিলাখনৰ 35 গৰাকী কৰ্মচাৰীৰ আজিলৈকে চাকৰি নিয়মীয়াকৰণ হোৱা নাই ।

আনহাতে, শেহতীয়াকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ চতুর্থ বৰ্গৰ পদসমূহত ৰাজ্যৰ চৰকাৰে নিযুক্তি দিয়াৰ পিচতে এতিয়া হাহাকাৰ অৱস্থা কৰ্মচাৰীসকলৰ । সোমবাৰে টিংখাঙত সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰিলে নিয়মীয়াকৰণ নোহোৱা এইসকল কৰ্মচাৰীয়ে ।

লগতে পঢ়ক : Assam Govt job: পৰীক্ষাত উত্তীৰ্ণ হ’ল, কিন্তু চাকৰিৰ তালিকাতহে নাম নাহিল একাংশ বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ

বিগত সময়ছোৱাত চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই চাকৰি নিয়মীয়াকৰণ হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া এইসকল কৰ্মচাৰীৰ ক্ষেত্ৰত চৰম অনিশ্চয়তাই দেখা দিছে । এই বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে কৰ্মচাৰীসকলে । উক্ত বিষয়টো তৎকালীনভাৱে বিবেচনা নকৰিলে ৰাইজ, দল-সংগঠনৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সংবাদ মাধ্যমৰ জৰিয়তে সকিয়নী প্ৰদান কৰে কৰ্মচাৰীসকলে ।

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে 25 মে’ ৰ দিনা বিভিন্ন বিভাগত নিযুক্তি দিয়া হয় মুঠ 44,703 গৰাকী প্ৰাৰ্থীক ৷ আনহাতে, ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত নিযুক্তি দিছিল 42,079 গৰাকী প্ৰাৰ্থীক ৷ এই দুয়োটা সংখ্যা যোগ কৰিলে মুঠ নিযুক্তি পোৱা প্ৰাৰ্থীৰ সংখ্যা হয়গৈ 86,782 গৰাকী । এই সংখ্যাৰ পাচত এক লাখ নিযুক্তি সম্পূৰ্ণ কৰিবলৈ এতিয়াও বাকী আছে 13,218 টা চাকৰি (Assam govt job recruitment) ৷

লগতে পঢ়ক : ADR controversy: নিযুক্তিৰ সংখ্যাক লৈ শাসক বিৰোধীৰ চুপতি; স্বচ্ছ নিকা জাতীয় শব্দ আওঁৰাই শান্তনা লোৱাৰ চেষ্টা বিজেপিৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.