ETV Bharat / state

Cattle smuggling: ডিব্ৰুগড়ৰ লাহোৱালত বাহনসহ গৰু জব্দ - Cattle smuggling in Assam

ডিব্ৰুগড়ৰ লাহোৱালত গৰুৰ চোৰাং সৰবৰাহত ব্যবহৃত এখন বাহন জব্দ (Cattle smuggling in Dibrugarh)। আন্ধাৰৰ সুযোগ বুজি দুই গৰু চোৰৰ পলায়ন । আৰক্ষীৰ চকুত ধূলি দি ন ন কৌশলৰে আৰম্ভ কৰিছে গৰুৰ চোৰাং সৰবৰাহ ।

Cattle smuggling in Assam
গৰুৰ চোৰাং সৰবৰাহ
author img

By

Published : Apr 18, 2023, 6:48 PM IST

গৰুৰ চোৰাং সৰবৰাহ

মৰাণ, ১৮ এপ্ৰিল: আৰক্ষীয়ে গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিচতো অব্যাহত আছে গৰু-ম’হৰ চোৰাং বেহা (Cattle smuggling in Assam) ৷ কঠোৰ স্থিতি গ্ৰহণৰ পিচতো কেৱল নিশাই নহয়, দিন-দুপৰতো কৌশলৰে সৰৱৰাহ কৰি আহিছে গৰু-ম’হ ৷ এতিয়া বিলাসী বাহনেৰেও গৰু সৰবৰাহত নামিছে অসাধু চক্ৰ ৷ ৰাজ্য়ৰ আন ঠাইৰ লগতে ডিব্ৰুগড় জিলাতো ব্যাপকভাৱে বৃদ্ধি হৈছে গৰুৰ চোৰাং বেহা ৷

ডিব্ৰুগড় জিলাৰ লাহোৱালৰ চাউলখোৱাত এটা বৃহৎ গৰু চুৰি চক্ৰই দীৰ্ঘদিনৰ পৰা আৰক্ষীৰ চকুত ধূলি মাৰি ন ন কৌশলৰে চোৰাং গৰু সৰবৰাহ কৰি আহিছে (Smuggled cattle seized at Lahowal)। ইয়াৰ মাজতেই সোমবাৰে নিশা AS-06-G7149 নম্বৰৰ এখন বিলাসী বাহনত জব্দ চোৰাং গো ধন । সৰবৰাহকাৰীয়ে তিনিজনী গাই লৈ ডিব্ৰুগড় অভিমুখে আহি থাকোতেই বাহনখনৰ ওপৰত আৰক্ষীৰ সন্দেহ ঘনীভূত হয় ।

লাহোৱাল থানাৰ আৰক্ষীয়ে এই দলটোক বকুল বাইপাছৰ ৰ'টাৰীৰ সমীপৰ পৰা বাহনখনক খেদি যায় যদিও চোৰকেইটাই আৰক্ষীয়ে খেদি যোৱাৰ উমান পাই বাহনখন বাইপাছৰ খাৱৈত নমাই আন্ধাৰৰ সুযোগ বুজি পলায়ন কৰে । আৰক্ষীয়ে বাহনখনৰ পৰা তিনিজনী গাই আৰু তিনিটা ম'বাইল ফোন উদ্ধাৰ কৰাৰ লগতে বাহনখন জব্দ কৰি নিশাৰ পৰা চোৰ কেইটাৰ সন্ধানত নামি পৰিছে ৷

উল্লেখযোগ্য যে, চোৰাং গৰু সৰবৰাহত জড়িত চক্ৰটোৱে কোনো বৈধ নথি পত্ৰ নথকা সত্বেও ভুৱা কাগজ পত্ৰ ব্যৱহাৰ কৰি কৌশলগতভাৱে IND চীল যুক্ত নম্বৰপ্লেট প্ৰস্তুত কৰি গৰু চুৰিত বাহন প্ৰয়োগ কৰি আহিছে ৷ ইফালে, IND নম্বৰ প্লেট যদি পৰিবহণ বিভাগৰ কাৰ্যালয়ত বাহনখনৰ গৰাকীৰ বিষয়ে জানিব বিচৰা হয় সেই গাড়ীৰ নম্বৰটো কোনো এখন জিলাৰ পৰিবহণ বিভাগতে পঞ্জীয়নভুক্ত নহয় বুলিও দেখুৱাই ৷

আন এটা উল্লেখনীয় দিশ যে দীৰ্ঘদিনৰ পৰা গৰুৰ চোৰাং ব্যৱসায়ৰে জড়িত চক্ৰটোৱে ডিব্ৰুগড়ৰ যিকোনো ভিতৰুৱা অঞ্চলৰ পৰা গৰু চুৰি কৰি নিৰ্দিষ্ট ঠাই সমূহত যোগান ধৰে । একে নিশাৰ ভিতৰতে বৃহৎ কমিছন আদায় দিয়াৰ চৰ্তত চাউলখোৱাৰ ড্ৰাগছ আসক্ত একাংশ যুৱকক সেই চক্ৰটোৱে ব্যৱহাৰ কৰি অহাৰো অভিযোগ উঠিছে ৷

লগতে পঢ়ক: Latasil Bihu Samragi 2023 : প্ৰতিক্ষাৰাণী বৰগোঁহাইৰ শিৰত জিলিকিল লতাশিল বিহু সম্ৰাজ্ঞী 2023 ৰ মুকুট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.