ETV Bharat / state

অইলৰ ঠিকাভিত্তিক নিযুক্তি বাতিলৰ দাবীত ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

author img

By

Published : Aug 14, 2021, 12:19 PM IST

ঠিকাভিত্তিক নিযুক্তি বাতিলৰ দাবীত অইল ইণ্ডিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ । অইলৰ ঊৰ্ধতম কৰ্তৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰেৰণ সংগঠনটোৰ ।

SMSS protest
অইলৰ ঠিকাভিত্তিক নিযুক্তি বাতিলৰ দাবীত ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

মৰাণ, ১৪ আগষ্ট : দুলীয়াজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ (Oil India Ltd) মুখ্য কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । অইলত ঠিকাভিত্তিক নিযুক্তি বাতিলৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ দুলীয়াজান আঞ্চলিক সমিতিয়ে । সংগঠনটোৰ প্ৰায় অৰ্ধ শতাধিক কৰ্মীয়ে হাতে হাতে বেনাৰ লৈ অইলত ঠিকাভিত্তিক নিযুক্তি বাতিল কৰা, অইলৰ ব্যক্তিগতকৰণ বন্ধ কৰা, থলুৱা যোগ্য প্ৰাৰ্থীক নিযুক্তি দিয়া আদি বিভিন্ন দাবীৰে পৰিৱেশ উত্তাল কৰি তোলে ।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি অবিনাশ বৰা, কাৰ্যকৰী সভাপতি মানসজ্যোতি দুৱৰা, ময়ূৰ প্ৰতিম চেতিয়া, সাধাৰণ সম্পাদক কমল বৰা, ভাৰ্গৱ দত্তই অংশগ্ৰহণ কৰে এই প্ৰতিবাদত । প্ৰতিবাদকাৰীসকলে দাবী কৰা মতে, অইল ইণ্ডিয়া লিমিটেডক ক্ৰমান্বয়ে ব্যক্তিগতকৰণৰ দিশে লৈ যোৱা হৈছে । ইতিমধ্যেই অইলৰ অধিকাংশ কাম কৰ্মচাৰীৰ অভাৱ দেখুৱাই ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়া হৈছে ।

অইলৰ ৱাক অভাৰ, ড্ৰিলিং আদি কামসমূহৰ অধিকাংশই ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়া হৈছে ৷ এতিয়া কৰ্মচাৰী নিয়োগৰ ক্ষেত্ৰতো ঠিকাভিত্তিক কৰা আৰম্ভ কৰিছে । যাৰ ফলত ৰাজ্যৰ শিক্ষিত যোগ্য নিবনুৱাসকল যোগ্যতা অনুসৰি অইলৰ স্থায়ী পদত নিয়োগ হোৱাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে । এনেদৰে অইলে সদায় অইলৰ পদ সমূহত ঠিকাভিত্তিক অস্থায়ী পদত নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰাখিলে অইল এদিন বন্ধ হৈ পৰিব ৷

তদুপৰি অইলৰ ক্ষেত্ৰসমূহ ব্যক্তিগতকৰণ কৰিবলৈ চৰকাৰ বাধ্য হ'ব বুলিও ছাত্ৰ মুক্তিৰ সদস্যসকলে দাবী কৰে । যি সময়ত অসম চৰকাৰে ২ লাখ যুৱক-যুৱতীক চাকৰি দিয়াৰ কথা কৈছে, সেই সময়ত চৰকাৰৰ এটা প্ৰতিষ্ঠানে এনেদৰে স্থায়ী নিযুক্তিৰ পৰিৱৰ্তে অস্থায়ী পদত যোগ্য নিবনুৱাক নিযুক্তি দিবলৈ বিচৰাতো আশ্চৰ্যজনক ।

সেয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অইলৰ এই ঠিকাভিত্তিক নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰিবলৈ দাবী জনায় । প্ৰতিবাদ স্থলীত অইল কৰ্তৃপক্ষৰ হৈ উপস্থিত হোৱা অইলৰ জনসম্পৰ্কৰক্ষী বিষয়া ত্ৰিদীপ শইকীয়াই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিক বিষয়টোৰ আলোচনাৰ বাবে ২০ আগষ্টত আমন্ত্ৰণ জনাই যদিও যিহেতু ১৬ আগষ্টৰ পৰাই সাক্ষাৎকাৰ আৰম্ভ হ'ব, সেয়েহে তেওঁলোকে ১৬ আগষ্টত আলোচনা বিচাৰে ।

অৱশ্যে এই বিষয়ে দেওবাৰৰ ভিতৰত অইলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিক অৱগত কৰিব । যদিহে অইলে বিষয়টোৰ ক্ষেত্ৰত ফলপ্ৰসূ সিদ্ধান্ত নিদিয়ে তেন্তে সংগঠনটোৱে ইয়াৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী চলাই যাব বুলিও হুংকাৰ দিয়ে নেতাসকলে । কাৰ্যসূচীৰ অন্তত অইলৰ মুখ্য মহাপ্ৰবন্ধক (Public Affairs) ত্ৰিদীপ শইকীয়াৰ হাতত অইলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে ।

লগতে পঢ়ক :মূল্যবৃদ্ধিৰ প্ৰতিবাদত লখিমপুৰত আছুৰ মানৱ শৃংখল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.