ETV Bharat / state

ব’হাগৰ শেষৰ লৈকে বিহু মঞ্চ কঁপাব নীল আকাশে

author img

By

Published : Apr 10, 2022, 10:10 PM IST

ব’হাগৰ দুদিন আগৰ পৰা আৰম্ভ কৰি ব’হাগৰ শেষৰ লৈকে বিহু মঞ্চ কঁপাবলৈ ইতিমধ্যে সাজু হৈছে কণ্ঠশিল্পী নীল আকাশ (Singer Neel Akash ready for bihu programme) ৷ বৰ্তমান আখৰাস্থলীত ব্যস্ত হৈ পৰিছে নীল আকাশৰ লগতে তেওঁৰ কলা কুশলী সকলো ৷

ব’হাগৰ শেষৰ লৈকে বিহু মঞ্চ কঁপাব নীল আকাশে
ব’হাগৰ শেষৰ লৈকে বিহু মঞ্চ কঁপাব নীল আকাশে

মৰাণ, 10 এপ্ৰিল : বাপতি সাহোন বিহুটিক আদৰিবলৈ চৌদিশে এতিয়া ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে । ঢোল–পেঁপাৰ শব্দত ৰজন জনাইছে ৰাজ্যৰ প্ৰতিটো চুক-কোণ (Rangali Bihu celebration)। ইয়াৰ লগে লগেই বিহু মঞ্চৰ বাবে সাজু হৈছে ৰাজ্যৰ শিল্পী তথা কলা কুশলী সকলো ।

মৰাণত আখৰাস্থলীত এতিয়া ব্যস্ত হৈ পৰিছে নীল আকাশৰ লগতে কলা কুশলীসকল (Singer Neel Akash ready for bihu program) । বিগত দুটা বছৰ ক'ভিড পৰিস্থিতিৰ পাচত পুনৰ মঞ্চ কঁপাবলৈ প্ৰস্তুতি চলাইছে নীল আকাশ আৰু তেওঁৰ সংগীসকল । জানিব পৰামতে, ব’হাগৰ দুদিনৰ আগৰ পৰাই বিহুৰ অনুষ্ঠান আৰম্ভ হ'ব জনপ্ৰিয় কন্ঠশিল্পী গৰাকীৰ ।

যাৰ বাবে ন-পুৰণি বহু গীত লৈ বিহু মঞ্চৰ বাবে সাজু হৈছে নীল আকাশ । ব’হাগৰ দুদিন আগৰ পৰা বহাগ শেষ হোৱালৈকে বিহু অনুষ্ঠান আছে শিল্পী গৰাকীৰ ৷ এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে ।

ইপিনে, মূল্যবৃদ্ধিক লৈও সংবাদ মাধ্যমৰ আগত উদ্বেগ প্ৰকাশ কৰে কণ্ঠশিল্পী নীল আকাশে । লগতে চৰকাৰে বিহু সমিতিক আৰ্থিক সাহাৰ্য প্ৰদান কৰা কাৰ্যৰো শলাগ লয় কণ্ঠশিল্পী গৰাকীয়ে ৷ কেৱল বিহু সমিটি সমূহকে নহয়, সংগীত জগতৰ লগত জড়িত থকা কলা-কুশলী সকলকো চৰকাৰে সাহাৰ্য প্ৰদান কৰিব লাগে বুলি আহ্বান জনাই শিল্পীগৰাকীয়ে ৷

লগতে পঢ়ক : Rangali Bihu Celebration: আখৰাত ব্যস্ত কুসুম কৈলাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.