ETV Bharat / state

কণী উৎপাদনেৰেও হ'ব পাৰে স্বাৱলম্বী: শিল্পী মানস ৰবীন

author img

By

Published : Aug 3, 2020, 12:42 PM IST

কণী উৎপাদন ফাৰ্মেৰে নিজকে স্বাৱলম্বী কৰিবলৈ সক্ষম হৈছে মৰাণৰ গজপুৰীয়া অঞ্চলৰ এগৰাকী উদ্যমী যুৱক ধন বাহাদুৰ ছেত্ৰীয়ে ৷ যুৱক গৰাকী এনে কামৰ শলাগ লোৱাৰ লগতে আন নিবনুৱা যুৱক-যুৱতীকে এনে কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত স্বাৱলম্বী হ'বলৈ আহ্বান জনায় কণ্ঠশিল্পী মানস ৰবীনে ৷

শিল্পী মানস ৰবীন
শিল্পী মানস ৰবীন

মৰাণ, 3 আগষ্ট: সাংস্কৃতিক জগতৰ এক চিনাকি নাম মানস ৰবীন ৷ সাংস্কৃতিক জগতখনৰ সৈতে জড়িত শিল্পী গৰাকীয়ে ভিন্ন সময়ত জাতিৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰতিবাদ সাব্যস্ত কৰাও পৰিলক্ষিত হৈছে ৷ সোমবাৰে শিল্পীগৰাকী উপস্থিত হয় মৰাণৰ গজপুৰীয়াত ৷ কিন্তু কোনো সংগীত পৰিৱেশন বা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ বাবে নহয় ৷ এগৰাকী উদ্যমী যুৱকৰ ব্যতিক্ৰমী কৰ্ম সংস্কৃতি পৰিদৰ্শন কৰে শিল্পী গৰাকীয়ে ৷

কণী উৎপাদনেৰেও স্বাৱলম্বী হ'ব পাৰে ৰাজ্যৰ নিবনুৱা: শিল্পী মানস ৰবীন

গজপুৰীয়া অঞ্চলৰ এগৰাকী উদ্যমী যুৱক ধন বাহাদুৰ ছেত্ৰী ৷ নিবনুৱা সমস্যাই ৰাজ্যত জুৰুলা কৰাৰ সময়তে মৰাণৰ যুৱক গৰাকীয়ে এক ব্যতিক্ৰমী কামত নিজকে নিয়োজিত কৰি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে ৷ যুৱক গৰাকীৰ আছে এখন কণী উৎপাদন ফাৰ্ম ৷ ফাৰ্মখনত তেওঁ মুৰ্গী পোহপাল দি,কণী উৎপাদন কৰি চলাই নিচে নিজৰ ব্যৱসায় ৷ ইউটিউবযোগে যুৱকগৰাকীৰ বিষয়ে অৱগত হৈ শিল্পী মানস ৰবীন উপস্থিত হয় তেওঁৰ কাষত ৷ উদ্দেশ্য,থলুৱাভাৱে কেনেদৰে কণী উৎপাদন কৰিব পাৰি আৰু ইয়াৰ দ্বাৰা কেনেদৰে নিবনুৱা সকলক স্বাৱলম্বী কৰি তুলিব পাৰি সেই বিষয়ে জনা ৷ শিল্পী গৰাকীয়ে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ স্বাৱলম্বিতাৰ বাবে বহু সময়ত ভিন্ন চিন্তা-চৰ্চা কৰাৰ লগতে,নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত পাৰ্যমানে গুৰুত্ব প্ৰদান কৰি আহিছে ৷ সেয়ে তেওঁ সোমবাৰে মৰাণৰ যুৱকগৰাকীৰ ফাৰ্মখন পৰিদৰ্শন কৰি এনে আদৰ্শৰে আন নিবনুৱা সকলো অনুপ্ৰাণিত হ'ব পাৰে বুলি উল্লেখ কৰে ৷ নিবনুৱা লোকৰ কৰ্ম সংস্থাপনৰ বাবে এনে পদক্ষেপ বাৰুকৈয়ে ফলপ্ৰসূ হ'ব বুলিও মন্তব্য কৰে শিল্পী গৰাকীয়ে ৷ কিয়নো যথেষ্ট কম পৰিসৰৰ ভিতৰতে কণী উৎপাদন এক লাভজনক ব্যৱসায় বুলি কয় তেওঁ ৷ আনহাতে শিল্পী গৰাকীয়ে কয় যে,অসমত থকা কণীৰ চাহিদাৰ বিপৰীতে নাই পৰ্যাপ্ত উৎপাদন ব্যৱস্থা ৷ যাৰ বাবে এই পদক্ষেপ আদৰণীয় বুলি জানিবলৈ দিয়ে শিল্পী মানস ৰবীনে ৷

কণী উৎপাদন ফাৰ্ম পৰিদৰ্শন শিল্পী মানস ৰবীনৰ

লগতে পঢ়ক: লক্ ডাউনে নিৰাশ কৰিব নোৱাৰিলে মোহন কলিতাকঃ বিকল্প পথেৰে আৰম্ভ কৰিছে জীৱন সংগ্ৰাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.